ছিপাঝাৰ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰা গাঁৱৰ ন খোৱা উৎসৱত অংশগ্ৰহণ তিনি শতাধিক লোকৰ। ছিপাঝাৰত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খালে গাঁওখনৰ ৰাইজে। ন খোৱা উৎসৱৰ লগত সংহতি ৰাখি “শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ” শীৰ্ষক অনুষ্ঠান। অনুষ্ঠানত মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণামূলক বক্তব্য।
বিগত বছৰ সমূহৰ দৰে এইবাৰো দৰং জিলাৰ স্বচ্ছ আৰু আদৰ্শ গাঁও হালধাত উদযাপন কৰা হয় ন খোৱা উৎসৱ। গাঁওখনৰ তিনি শতাধিক লোকে অংশগ্ৰহণ কৰা ন খোৱা উৎসৱৰ লগত সংহতি ৰাখি এইবাৰ কিছু ব্যতিক্ৰমী ধৰণে উদযাপন কৰা হয় ন খোৱা উৎসৱ। স্বচ্ছতাৰ ক্ষেত্ৰত দৰং জিলাৰ ভিতৰতে এক নিদৰ্শন দাঙি ধৰা হালধা গাঁৱৰ ৰাইজৰ মাজত শান্তি আৰু মানৱতা প্ৰতিষ্ঠা কৰা উদ্দেশ্যে এইবেলি ন খোৱা উৎসৱত গাঁওখনত অনুষ্ঠিত কৰা হয় এক বক্তৃতানুষ্ঠান।
“শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ” শীৰ্ষক বক্তৃতানুষ্ঠানত মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই প্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় “হালধা গাঁওখনে স্বচ্ছতাৰ ক্ষেত্ৰৰ দাঙি ধৰা নিদর্শনৰ বাবে গাঁওখনে দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এই গাঁওখনৰ পৰা অঞ্চলটোৰ অন্যান্য গাঁও সমূহে প্ৰেৰণা লাভ কৰিছে।”
মানৱ অধিকাৰ তথা সমাজকর্মী গৰাকীয়ে নিজৰ প্ৰেৰণামূলক বক্তৃতাত আৰু কয় যে “এখন গাঁৱৰ ৰাইজৰ মাজত শান্তি আৰু মানৱতা প্ৰতিষ্ঠা কৰাটো অতিকৈ প্ৰয়োজন। শান্তি আৰু মানৱতা অবিহনে মানৱ জাতিটো আগুৱাই যোৱাটো অসম্ভৱ। অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু সমাজৰ পৰা অশান্তি আঁতৰাই মানৱ জাতিটো আগুৱাই যাবলৈ হ’লে আমি অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু সমাজৰ পৰা অশান্তি দূৰ কৰিবলৈ এই ধৰণৰ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰাটো অতিকৈ প্ৰয়োজন”।
উল্লেখ্য যে দৰং জিলাৰ ভিতৰতে স্বচ্ছতাৰ ক্ষেত্ৰত দাঙি ধৰা নিদর্শনৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে হালধা গাঁৱৰ প্ৰশংসা কৰিছিল। ন খোৱা অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। পথাৰৰ পকা ধান আঘোণ মাহত কাটি, মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ খোৱা ভোজ-ভাত কাৰ্যই ন খোৱা। ন খোৱা উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়।