মাজুলী – মাজুলীৰ ফুলনিত চলিছে বিশাল আয়োজন। বৃহস্পতিবাৰে দিল্লীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰচুৱেলি মাজুলী আৰু যোৰহাট দলঙৰ খুটাৰ ভূমি পূজন কৰিব। অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় জাহাজ আৰু জলসম্পদ পৰিবহণ মন্ত্ৰী মনসুখলাল মানদাবিয়া।

মাজুলীবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাজুলী আৰু যোৰহাট সংযোগী ৮ কিলোমিটাৰ দৈঘ্যৰ দলংখন বৃহস্পতিবাৰে দিল্লীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰচুৱেলি ভূমি পূজনেৰে দলংৰ খুটাৰ শুভাৰম্ভ কৰিব৷ এই উপলক্ষে জিলাখনৰ ফুলনিত অনুষ্ঠিত হ’বলগীয়া বৃৃহৎ দলংৰ খুটাৰ শুভাৰম্ভ অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় জাহাজ আৰু জলপৰিবহণ মন্ত্ৰী মনসুখলাল মানদাবিয়া, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, সাংসদ প্ৰদান বৰুৱা, টিংখং সমষ্টিৰ বিধায়ক বিমল বৰা প্ৰমুখ্যে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব৷ মঙলাবাৰে ফুলনিত অনুষ্ঠিত হ’বলগীয়া সভাস্থলীত উপস্থিত হয় সভাস্থলী পৰিদৰ্শন কৰে সাংসদ প্ৰদান বৰুৱা, টিংখং সমষ্টিৰ বিধায়ক বিমল বৰা, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি লক্ষ্য কোঁৱৰ। প্ৰদান বৰুৱা, বিমল বৰা আৰু লক্ষ্য কোঁৱৰ সভাস্থলীৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়।

ইফালে বৃহস্পতিবাৰৰ দিনটোতে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব চাৰিখনকৈ ৰপেক্স জাহাজ। অত্যাধুনিক প্ৰযুক্তিসম্পন্ন ৰপেক্স জাহাজ চাৰিখনৰ দুখন চলিব মাজুলী আৰু নিমাতী ঘাটৰ মাজত, এখন চলিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত আৰু এখন জাহাজ চলিব ধুবুৰীত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply