এয়াৰ ইণ্ডিয়াৰ সেই বিশেষ বিমানখন

‘Air India One, অত্যাধুনিক এই বিমানখনে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতিৰ দেৰে দেশৰ শীৰ্ষস্থানীয় ব্যক্তিক পৰিবহন কৰাব। ইতিমধ্যে বিগত ১ অক্টোবৰত দিল্লী বিমানবন্দৰ আহি পাইছে এই বিমান।

উল্লেখ্য যে ভাৰত চৰকাৰে অৰ্ডাৰ দিয়া এইখনেই হৈছে প্ৰথমখন ৰেট্ৰ’ফিটেড বোয়িং 777-300 ER বিমান। এই বিমানখন বিগত জুলাই মাহতে টেক্সাছৰ ফৰ্ট ৱৰ্থৰ কাৰখানাৰ পৰা ভাৰতলৈ অহাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে যথাসময়ত বিমানখন ভাৰতলৈ আনিব পৰা যোৱা নাছিল।

এই বোয়িং 777-300 ER বিমানখনত আছে এটা ভিভিআইপি ছ্যুট, এটা প্ৰেছ ব্ৰিফিং কোঠা, জামাৰ, এটা মেডিকেল ৰূম আৰু দুটা কনফাৰেন্স ৰূম।

এই B777 বিমানখনে একেৰাহে ১৭ ঘণ্টালৈ উৰি থাকিব পাৰিব। ইয়াৰ উপৰিও এই বাহনখন মিছাইল প্ৰতিৰোধক আৰু কাউণ্টাৰ মিজাৰ্ছ ডিছপেন্সিং ডিফেন্স ছিষ্টেমেৰে সুসজ্জিত কৰি তোলা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply