পৱন কুমাৰ বাঞ্চাল

গুৱাহাটী – ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ সদস্য তথা ছোনিয়া গান্ধীৰ অতি ঘনিষ্ঠ আহমেদ পেটেলৰ বিয়োগৰ পাছতেই কংগ্ৰেছৰ পৰৱৰ্তী কোষাধ্যক্ষ কোন হ’ব তাক লৈ কংগ্ৰেছ দলৰ মাজত জল্পনা-কল্পনা চলি আছিল। শনিবাৰে এআইচিচিয়ে জনায় যে, কংগ্ৰেছ দলত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন কুমাৰ বাঞ্চালক কোষাধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে ১৯৯৯ পৰা ২০১৪ লৈকে চণ্ডীগড়ৰ সাংসদ আছিল পৱন বাঞ্চাল। তেওঁ চাৰিবাৰ লোকসভাত জয়ী হোৱাৰ লগতে এবাৰ পঞ্জাৱৰ ৰাজ্যসভাতো নিৰ্বাচিত হৈছিল। পঞ্জাৱ প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বাঞ্চাল দ্বিতীয় ইউপিএ চৰকাৰৰ জলসম্পদ উন্নয়ন, সংসদীয় আৰু ৰে’লমন্ত্ৰীৰ পদতো অধিষ্ঠিত আছিল।

শনিবাৰে বাঞ্চালে দায়িত্ব গ্ৰহণ কৰি কয়, ‘কংগ্ৰেছ সভানেত্ৰী ছোনিয়া আৰু ৰাহুলক মই কৃতজ্ঞতা জনালো। তেওঁলোকে মোক যি দায়িত্ব দিছে, সেয়া মই সৰ্বশক্তিৰে পালন কৰিবলৈ চেষ্টা কৰিম।’ পূৰ্বতে এআইচিচিৰ মুখপাত্ৰ আৰু গৱেষণা কোষৰ দায়িত্বতো আছিল পৱন বাঞ্চাল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply