সোণাৰি : প্ৰশাসনৰ নিষেধাজ্ঞা উফৰাই সোণাৰিত আছুৰ জোঁৰ লৈ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল, EIA বিল প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত আছুৰ জোঁৰ প্ৰতিবাদ। । চৰাইদেউ জিলা প্ৰশাসনে জোঁৰ সমদলৰ বিৰুদ্ধে ১৪৪ ধাৰা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বাকৰিত প্ৰশাসনৰ নিষেধাজ্ঞা মুখ্য কাৰ্যালয় শ্বহীদ উদ্যানত জোঁৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

শ্বহীদ উদ্যানৰ পৰা জোঁৰ সমদল বাহিৰ কৰিবলৈ লওঁতেই চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা আহি জোঁৰ সমদলত বাধা প্ৰদান কৰে। মন কৰিবলগীয়া যে চিআৰপিচিৰ ১৪৪ ধাৰাৰ অধীনত চৰাইদেউ জিলা প্ৰশাসনে জিলাখনত আইন শৃংখলা নিয়ন্ত্ৰণ কৰাৰ বাবে জোঁৰ সমদলত বাধা আৰোপ কৰিছে অনিৰ্দিষ্ট কাললৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply