প্ৰশাসনৰ বাধাক নেওচি চলিল মৎস চিকাৰ

নগাঁও – প্ৰশাসনৰ বাধাক নেওচি চলিল মৎস চিকাৰ। বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত ভোগালী উপলক্ষে মৎস চিকাৰত নামিল হাজাৰ হাজাৰ লোক। নিৰৱ দৰ্শকৰ ৰূপত বন বিভাগ আৰু আৰক্ষীৰ লোক।

ৰাজ্যজুৰি ভোগালীৰ উখল মাখল পৰিৱেশ। পদূলিৰ মুখত ভোগালী বিহু। গাঁৱে গাঁৱে চলিছে ভোগালীক আদৰি অনাৰ প্ৰস্তুতি। উৰুকাৰ নিশা মেজিৰ বাকৰিত এসাজ সকলো মিলি খোৱাৰ প্ৰস্তুতিত ব্যস্ত সকলো।

উৰুকাৰ নিশাৰ সাজৰ বাবে জলাশয় সমূহত চলিছে সমূহীয়া মৎস চিকাৰ। ইয়াৰ মাজতে প্ৰশাসনৰ বাধাক নেওচি হাজাৰ হাজাৰ লোক ওলাই আহিল বন্যপ্ৰাণী অভয়াৰণ্যত থকা জলাশয়ত মৎস চিকাৰৰ বাবে।

নগাঁও জিলাৰ লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ১৪৪ ধাৰা ভংগ কৰি বৰুণগুৰি বিলত মাছ ধৰিলে হেজাৰ হেজাৰ লোকে। লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ বৰুণগুৰী বিলত উৰুকা উপলক্ষে সকলো নীতি-নিৰ্দেশনা ভংগ কৰি হেজাৰ হেজাৰ লোকে মৎস চিকাৰ কৰা পৰিলক্ষিত হয়।

বুধবাৰে পুৱাৰ ভাগত ১৪৪ ধাৰা উলংঘা কৰি বন বিভাগ, আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী গিজ গিজাই থকা স্বত্বেও গঞাৰাইজে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ জলাশয়ত মাছ ধৰাত ব্যস্ত হৈ পৰে। গঞাৰাইজৰ সন্মুখত প্ৰশাসনৰ লোকক নিৰৱ দৰ্শকৰ ৰূপত দেখিবলৈ পোৱা যায়।

লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ১৪৪ ধাৰা প্ৰযোজ্য হৈ থকাৰ পিছতো হাজাৰ হাজাৰ লোক মৎস চিকাৰ কৰিবলৈ অভয়াৰণ্যখনত কেনেকৈ প্ৰৱেশ কৰিলে এইয়া ৰহস্যৰ আবৰ্তত। ১৯৭২ ৰ বন্যপ্ৰাণী আইন উলংঘা কৰি অভয়াৰণ্যখনত মাছ ধৰা স্বত্বেও বন্যপ্ৰাণী বিভাগে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply