এটা নৃশংস হত্যাকাণ্ড। মানুহ কিমান নৃশংস হ’লে এইধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিব পাৰে? এগৰাকী মহিলাই প্ৰেমিকৰ সৈতে লগ হৈ নিজ স্বামী আৰু শাহুৱেকক হত্যা কৰি ৩ দিন ধৰি ফ্ৰীজত সুমুৱাই ৰাখিছিল। আপুনি ভাবিছে নেকি যে এয়া দিল্লী-মুম্বাইত সংঘটিত হোৱা ঘটনা? নহয়, এয়া কোনো দিল্লী-মুম্বাইত সংঘটিত ঘটনা নহয়। এয়া গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এক জঘন্য হত্যাকাণ্ড।
চন ২০২২, তাৰিখ ১৬ আগষ্ট। মহানগৰীৰ নাৰেংগী নিৱাসী বন্দনা কলিতাই প্ৰেমিকৰ সৈতে লগ হৈ স্বামী অমৰজ্যোতি দেক মূৰত মৰিয়াই হত্যাৰ চেষ্টা চলায়। কিন্তু প্ৰাণ নগ’ল অমৰজ্যোতিৰ। পিছত বন্দনা আৰু প্ৰেমিক ধনজিত কলিতাই প্ৰায় জীয়াই জীয়াই অমৰজ্যোতিক কাটি মৃতদেহৰ টুকুৰা ৩ দিনলৈ ফ্ৰীজত ভৰাই থয়। তাৰ দুদিন পিছত অৰ্থাৎ ১৮ আগষ্ট ২০২২ তাৰিখে বন্দনা কলিতাই শাহুৱেক শংকৰী দেক ডিঙি চেপি হত্যা কৰে। ১৯ আগষ্ট ২০২২ তাৰিখে প্ৰেমিক ধনজিত কলিতা আৰু বন্ধু অৰূপ ডেকাৰ সহযোগত বন্দনাই মৃতদেহ দুটা ছেৰাপুঞ্জী-ডাউকীৰ দ খাৱৈত পেলাই দিয়ে।
কিয় বন্দনা কলিতাই সংঘটিত কৰিলে এই নাৰকীয় হত্যাকাণ্ড?
প্ৰায় ৭ মাহ পূৰ্বে সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড। মহানগৰীৰ নাৰেংগীৰ বাসিন্দা অমৰজ্যোতি দে’ৰ সৈতে ১২ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বন্দনা কলিতা। বিয়াৰ কিছুদিনলৈ দুয়োৰে সম্পৰ্ক ঠিকেই চলিছিল। কিন্তু উচ্চাকাংক্ষী আৰু সম্পত্তিৰ লালসাৰ বাবে বন্দনাৰ ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। এই কথা স্বামীয়ে জনাৰ পিছত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল।
বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ নামত গুৱাহাটীৰ চানমাৰিত আছিল ৫টাকৈ অট্টালিকা। এটা অট্টালিকাত শাহুৱেক শংকৰী দে অকলে বাস কৰিছিল। আন চাৰিটা অট্টালিকাৰ ভাড়া সংগ্ৰহ কৰিছিল অমৰজ্যোতিৰ মোমায়েকে। যাক লৈ ক্ষুণ্ণ হৈছিল বন্দনা। পৰৱৰ্তী সময়ত অমৰজ্যোতিৰ সৈতে বন্দনাৰ বিবাহ বিচ্ছেদৰ প্ৰস্তুতিও চলিছিল। কিন্তু ৭ মাহ পূৰ্বে বন্দনাই স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল নুনমাটি থানাত। বন্দনাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত। কিন্তু ইয়াৰ মাজতে বন্দনা কলিতাই আন এখন এজাহাৰ দাখিল কৰে। এজাহাৰত শাহুৱেকৰ একাউণ্টৰ ধন অমৰজ্যোতিৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ উত্থাপন কৰে। কিন্তু আৰক্ষীয়ে তদন্ত কৰি ইয়াৰে এটা একাউণ্টৰ পৰা বন্দনাই ৫ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে। যাৰবাবে বন্দনাৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজে। এষাৰ কথা আছে যে আনলা হুল পুতি নিজে মৰে ফুটি। চলিত বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীত বন্দনাক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে। লগতে গ্ৰেপ্তাৰ কৰে প্ৰেমিক ধনজিত কলিতা আৰু বন্ধু অৰূপ ডেকাক। আৰক্ষীৰ জেৰাত ইতিমধ্যে সকলো স্বীকাৰ কৰিছে বন্দনাই।
মানুহ কেনেকৈ ইমান নৃশংস হব পাৰে? খোদ স্বামী আৰু শাহুৱেকক হত্যা কৰি ফ্ৰীজত সুমুৱাই থোৱাৰ পিছত পাপ খণ্ডনৰ বাবে আকৌ কেনেকৈ সত্য নাৰায়ণ পূজা কৰিব পাৰে?
ইতিমধ্যেই বন্দনা কলিতা, ধনজিত কলিতা আৰু অৰূপ ডেকাক আৰক্ষীয়ে দুদিনৰ জিম্মাত লৈছে।