গুৱাহাটী – ২০১৬ বৰ্ষত ৰাষ্ট্ৰপতি নিৰ্বাচনে বহু চৰ্চা লাভ কৰিছিল।কাৰণ সকলোৰে প্ৰত্যাশিত প্ৰাৰ্থী আছিল হিলাৰী ক্লিণ্টন। কিন্তু শেষ পৰ্যায়ত ৰাষ্ট্ৰপতি পদৰ প্রাৰ্থীত ট্ৰাম্পে জয় লাভ কৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পদ্ধতি অনুসৰি ‘Electoral college’ বাবে এই নিৰ্বাচনত জয়ী হৈছিল ট্ৰাম্প।
এই নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে লাভ কৰিছিল ৪৬.৪% ভোট আৰু হিলাৰী ক্লিন্টনে লাভ কৰিছিল ৪৮.৫%ভোট।
২০১৬ বৰ্ষত হিলাৰী ক্লিন্টনে তিনি মিলিয়ন ভোট লাভ কৰিছিল যদিও ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে জয় লাভ কৰিছিল ড’নাল্ড ট্ৰাম্পে।ইয়াৰ কাৰণটো হৈছে ”Electoral college’ ৰ ভোটত অধিক ভোট লাভ কৰিছিল ড’নাল্ড ট্ৰাম্পে।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিয়ম অনুসৰি কোনজন প্ৰাৰ্থী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে মাৰ্কিন নাগৰিকৰ।প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ১৮ বছৰৰ ওপৰৰ সকলো লোকেই এই ভোটদান কৰাৰ বাবে অধিকাৰ লাভ কৰে।
মাৰ্কিন যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিসকলক শেষ পৰ্যায়ত ‘ electoral votes’ দ্বাৰাই নিৰ্বাচন কৰা হয়।
১৮২৪ চনত কুইঞ্চি আ়ডামছ,১৮৭৬ চনত ৰাডাৰফ’ৰ্ড বি হেইজ,১৯৮৮ ত বেন্জামিল হেৰিছন,২০০০ চনত জৰ্জ ডব্লিউ ৱাছ আৰু ২০১৬ চনত ড’নাল্ড ট্ৰাম্পে ও জনতাৰ ভোটত পৰাস্ত হয়।কিন্তু ‘electoral vote’ ত জয় লাভ কৰাত হিলাৰী ক্লিণ্টনক পৰাস্ত কৰি ৰাষ্ট্ৰপতি পদত জয় লাভ কৰে ট্ৰাম্পে ।
তিনি নৱেম্বৰত সম্পন্ন হয় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন।নিৰ্বাচনত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনে।