গুৱাহাটী– প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱালৈ আগবঢ়োৱা হৈছে ‘অমূল্য মান্না বঁটা ২০২১’। ১৯ জানুৱাৰীত নগাঁৱত প্ৰদান কৰিব বঁটা।
৫০ৰ দশকতেই আলোকচিত্ৰত নগ্নতাৰ কলাত্মক উপস্থাপনেৰে উত্তৰ পূবত আলোকচিত্ৰ শিল্পৰ এক নতুন যুগৰ সূচনা কৰিছিল নলিনীকান্ত বৰুৱাই। শোণিতপুৰ জিলাৰ দুলুং চাহ বাগিচাত জন্মগ্ৰহণ কৰা এই শিল্পী গৰাকীয়ে আন্তজাৰ্তিক পৰ্যায়তো বহুকেইটা পদক লাভ কৰিছে।
২০১৪চনত তেওঁলৈ বিষ্ণুৰাভা বঁটাও আগবঢ়োৱা হয়। শিল্পী নলিনীকান্ত বৰুৱাৰ ফটোগ্ৰাফীয়ে দেশ-বিদেশতো ব্যাপক সমাদৰ লাভ কৰিছে।