গুৱাহাটী – অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কালি (১ নৱেম্বৰ) নিশা প্ৰায় ১১ বজাত সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। শ্বাস প্ৰশ্বাসত কষ্ট পোৱাৰ লগতে বুকুৰ বিষয় ভুগা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা এই পৰ্যন্ত সংকটমুক্ত হোৱা নাই বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে জিএমচিএইৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সাংবাদিকক জনোৱা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগয়ৈ কালি নিশা যথেষ্ট অস্থিৰতা অনুভৱ কৰাৰ পিছতে তাৎক্ষণিকভাৱে আইচিইউলৈ স্থানান্তৰ কৰা হয়। সম্প্ৰতি এটা বিশেষজ্ঞ চিকিৎসকৰ দলে তীক্ষ্ণ পৰ্যবেক্ষণত ৰাখিছে গগৈক।
ডাঃ শৰ্মাই কয়, “সম্প্ৰতি তৰুণ গগৈ নন-ইনবাছিভ ভেণ্টিলেশ্যন চমুকৈ এনআইভিত আছে। অৱস্থা এতিয়াও সংকটমুক্ত হোৱা নাই। দেহত যথেষ্ট কাৰ্ব ডাই অক্সাইড থকা বাবে নিউমোনিয়াত ভুগিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী গগৈ। অৱশ্যে গগৈৰ দেহত শেহতীয়াকৈ ঔষধে কাম কৰিবলৈ আৰম্ভ কৰিছে।”