হাইস্কুল শিক্ষক সন্থাৰ সম্পাদকক বহিষ্কাৰ Credit: ফাইল ফটো

নিউজ ডেস্ক: অসম হাইস্কুল শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বিদ্যালয় প্ৰাদেশীকৰণ আৰু শিক্ষক নিযুক্তিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহত লিপ্ত হৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা পিছত শিক্ষক সংগঠনটোৰ পদবীৰ পৰা অপসাৰণ কৰাৰ লগতে সংগঠনটোৰ সভ্য পদৰ পৰাও বহিষ্কাৰ কৰিছে।

উল্লেখ্য যে, বিদ্যালয় প্ৰাদেশীকৰণ আৰু শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতে হাইস্কুল শিক্ষক সন্থাৰ ৰাজ্যিক সম্পাদক চন্দ্ৰ গগৈয়ে তিনিচুকীয়াৰ ফিল’বাৰীৰ অৰণোদয় হাইস্কুলৰ শিক্ষক দিব্য গগৈৰ পৰা ২০হাজাৰ টকা দাবী কৰা সন্দৰ্ভত ৰেকৰ্ডিং কৰা এক ফোনকল যোৱা ৭ ফেব্ৰুৱাৰীত ভাইৰেল হৈছিল।

ইয়াৰ পিছতে তেওঁক দিছপুৰৰ আৰক্ষীয়ে মৰিগাঁৱত গ্ৰেপ্তাৰ কৰি চাৰিদিন আৰক্ষী জিম্মাত ৰখাৰ পাছত শুকুৰবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে অসম হাইস্কুল শিক্ষক সন্থাই শনিবাৰে অনুষ্ঠিত কৰা এক জৰুৰী কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক সম্পাদক চন্দ্ৰ গগৈক সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply