চিৰাং – মঙলবাৰে চিৰাং জিলাৰ কাজলগাঁও পৰিষদীয় সমষ্ঠিৰ শালঝোৰাত অনুষ্ঠিত হয় বিপিএফ দলৰ এক বিশাল জনসমাবেশ। বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ হৈ জনসমাবেশত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু অঞ্জলি দৈমাৰী। যোৱা ৭ ডিচেম্বৰত অনুষ্ঠিত হোৱা বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিপিএফ দলে ১৮ খন আসন লাভ কৰাৰ দাবী কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। মন্ত্ৰী গৰাকীয়ে কয় যে চিৰাং আৰু কোকৰাঝা জিলাৰ ইউপিপিএল দলৰ প্ৰাৰ্থী সকলক বিজেপিক বিক্ৰী কৰিলে যাৰ বাবে ইউপিপিএল দলৰ কাৰ্যালয় সমুহ বন্ধ কৰিছে ৰাইজে। ইউপিপিএল দলৰ সাধাৰণ সমৰ্থক সকলক ভোটাৰ ৰাইজে বেয়া পাই দল এৰি আহিছে। ইউপিপিএল দলৰ সকলো কাৰ্যালয়ত তলা ওলমিছে বুলি ভাষণত কয় মন্ত্ৰী গৰাকীয়ে।
ইউপিপিএল গ’ল এতিয়া ১২ তাৰিখৰ পিচত বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মা আউট হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু অত্যাচাৰ কৰিলে বিটিচিত আহি। হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়ো আৰু বিশ্বজিত দৈমাৰীৰ কাণত ধৰি মোচৰাই উঠা বহা কৰাই বিটিচি চলাব বিচাৰিছিল। সেয়ে আমি আগতেই কৈছিলোঁ প্ৰমোদ বড়োক টুপি পিন্ধাব পাৰিলেও বিপিএফৰ নেতৃত্বক নোৱাৰে হিমন্ত হিমন্ত বিশ্ব শৰ্মাই। এতিয়া প্ৰমোদ বড়ো শেষ হ’ল। হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ ৯ হেজাৰ বৰ্গকিলোমিটাৰ অঞ্চল ফাৰ্মহাউচ কৰিব বিচাৰিছিল। আমি জীৱনতো তেওঁৰ মনোকামনা পুৰণ হ’ব নিদিও বুলিও কয় চন্দন ব্ৰহ্মই।
হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ নাগৰিক নহয়, ইয়াৰ ভোটাৰো নহয়, ইয়াত হিমন্ত বিশ্ব শৰ্মা বহিৰাগত গতিকে ইয়াত আবোলতাবোল বকিয়ো লাভ নাই। বিটিচিত বিজেপিৰ কাম নাই। বিজেপিক চিনি নাপায় বিটিচিবাসীয়ে। ইউপিপিএল দলে সদায় বিটিচিবাসীক ঠগাই আহিছে। এইবাৰৰ পৰা ইউপিপিএল দলৰ ট্ৰেক্টৰ খুন্দা খাই নিশেষ হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে চন্দন ব্ৰহ্মই। ৰাইজে আমাক অনুমতি দিলে প্ৰমোদ বড়োৰ বিপিএফ দলত যোগদানৰ বাহিৰে উপায় নাই বুলিও কয় চন্দন ব্ৰহ্মই।
সভাত বিপিএফৰ নেত্ৰী অঞ্জলি দৈমাৰীয়ে বিজেপি আৰু ইউপিপিএল দলৰ বদনাম প্ৰৰোচনা আদিক ওফোৰাই ৰাইজে বিপিএফ দলৰ সংগ দি জনসভাত অহাৰ বাবে ৰাইজক ধন্যবাদ জনায়। আগলৈয়ো হাগ্ৰামা মহিলিৰীৰ নেতৃত্বত বিপিএফ দলৰ সৈতে ৰাইজক থকাৰ বাবে আহ্বান জনায় যাতে আকৌ বিপিএফ দলেই বিটিচি পৰিষদ গঠন কৰিব পাৰে। জনসভাত বিপিএফ দলৰ কেইবাজনো কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰি বিপিএফ দলৰ হৈ ভাষণ দিয়ে আৰু বিটিচিৰ উন্নয়ণৰ ধাৰা অটুট ৰাখি ভোটদানেৰে পুণৰ হাগ্ৰামা মহিলাৰীক বিটিচিৰ উন্নয়নৰ কাম কৰাৰ সুবিধা দিবলৈ আহ্বান জনায়।