গুৱাহাটী – মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু বাণিজ্য বিভাগৰ ড’নাৰ মন্ত্ৰালয়ৰ অধীনৰ উত্তৰ-পুব পৰিষদৰ বিত্তীয় সাহাৰ্য্যৰে বামুনীমৈদামৰ উদ্যোগ পামত নির্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্রথম স্বর্ণালঙ্কাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ সমূহীয়া কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখ্য যে ৰাজ্যখনৰ প্রায় ২.৫০ লাখ স্বর্ণশিল্পী পৰম্পৰাগত গহনাগাথৰি নিৰ্মাণৰ সৈতে জড়িত। উদ্বোধন কৰা এই প্রতিষ্ঠানটোৱে থলুৱা স্বর্ণালঙ্কাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ মূল্য সংযােজনেৰে বিশ্ব বজাৰ দখলৰ দিশত অনন্য ভূমিকা পালন কৰিব।
এই কেন্দ্ৰটোত স্থাপন কৰা মানসম্পন্ন যন্ত্রপাতি, অত্যাধুনিক প্রযুক্তিয়ে গহনা প্রস্তুতকাৰীসকলক বিভিন্ন ডিজাইন আৰু মান সম্পন্ন গহনা খৰতকীয়ভাৱে উৎপাদন কৰাত বিশেষভাৱে সহায় কৰিব। এই কেন্দ্ৰটোত জেমছু ষ্টোন প্রচেচিং আৰু জেম’লজিকেল লেবৰেটৰী, অসমীয়া থলুৱা গহণা শাখা, প্লেটিং শাখা, কাষ্টিং শাখা, দায়ি শাখা, চেইন প্রস্তুত কৰা, সােণ পৰীক্ষা আৰু লেজাৰ চলজাৰিং শাখা, গহণাৰ ডিজাইন প্রস্তুত কৰা শাখা তথা বিপণন বাবে শ্ব’ৰুম সন্নিৱিষ্ট কৰা হৈছে যাতে একেটা থলিতে থলুৱা গহণা প্রস্তুতকাৰীসকলে প্রয়ােজনীয় সকলাে সাসুবিধা লাভ কৰিব পাৰে। তদুপৰি এই কেন্দ্ৰটোত স্বর্ণালঙ্কাৰ প্রস্তুতৰ লগত জড়িত হােৱাৰ প্রতি আগ্রহী যুৱক-যুৱতীসকলক ৬ মহীয়া প্রশিক্ষণ প্রদানৰ সুবিধাও থাকিব।
স্বর্ণালঙ্কাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ সমূহীয়া কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰি এই উপলক্ষে উদ্যোগ আৰু বাণিজ্য বিভাগৰ দ্বাৰা আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ‘ভােকেল ফৰ লােকেল’ আহ্বানেৰে আমাৰ থলুৱা তথা পৰম্পৰাগত শিল্পসমুহত মূল্য সংযােজনেৰে বিশ্ব বজাৰ দখলৰ বাবে সকলােকে নিষ্ঠাসহকাৰে ব্ৰতী হােৱাৰ বাৰে আহ্বান জনাইছে। এক্ট ইষ্ট পলিচি ৰূপায়ণৰ পদক্ষেপৰ জৰিয়তে আমাৰ ৰাজ্যখনে আছিয়ান ১০ খন দেশৰ লগতে ভাৰত, ভূটান আৰু নেপালৰ ৮০ কোটি জনসাধাৰণেৰে সমৃদ্ধ এখন বৃহৎ বজাৰ লাভ কৰিছে। আমাৰ থলুৱা গহনাই যাতে এই বজাৰ দখল কৰিব পাৰে এই ক্ষেত্ৰত মুকলি কৰা স্বর্ণালঙ্কাৰ আৰু পৰম্পৰাগত অসমীয়া গহনাৰ সমূহীয়া কেন্দ্ৰটোৱে উল্লেখযােগ্য ভূমিকা পালন কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।
ভাষণ প্রসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ জনসাধাৰণে পুর্বপুৰুষৰ পৰা বিভিন্ন ক্ষেত্ৰত দক্ষতা বুটলিছে। এই পৰম্পৰাগত শিল্প কলাত মান সংযােজনেৰে আমাৰ স্বাভিমান বৃদ্ধি কৰাৰ উপৰি ৰাজ্যখনৰ অর্থনৈতিক ভেটি শক্তিশালী কৰিব লাগিব। ২১ শতিকাক এক প্রত্যাহ্বানৰ শতিকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ববজাৰ দখল কৰিব লাগিলে আমাৰ বাণিজ্যিক ধ্যান ধাৰণাক শক্তিশালী ৰূপ দিব লাগিব বুলিও কয়। এই কেন্দ্ৰটোত সােণ আৰু বিভিন্ন মুকুতাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰি ইয়ে ক্রেতাসকলৰ মনত বিশ্বাস যােগ্যতা বৃদ্ধি কৰিব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়। গহনা-গাথৰিৰ প্রতি সকলােৰে এক স্বভাবগত দুর্বলতা আছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে আর্থিকভাৱে দুর্বল বিবাহৰ পঞ্জীয়ন কৰা দম্পতীলৈ সােণ ক্ৰয়ৰ বাবে ৪০ হাজাৰ টকা অৰুন্ধতী আঁচনিৰ জৰিয়তে প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

এই কেন্দ্ৰটোত ৬০ গৰাকী স্বর্ণশিল্পৰ প্রতি আগ্রহী যুৱক-যুৱতীয়ে ৬ মহীয় প্রশিক্ষণ লাভৰ সুবিধা লাভ কৰিব বুলি জানিব পাৰি মুখ্যমন্ত্ৰীয়ে এই প্রশিক্ষার্থীসকলে ইয়াত প্রশিক্ষণ লৈ নিজে উৎপাদনশীল কামত জড়িত হােৱাৰ উপৰি নিয়ােগ সৃষ্টিৰ দিশটো বিশেষ ভূমিকা ল’ব পাৰিব বুলি আশা প্রকাশ কৰে।প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ বাবে যি আহ্বান জনাইছে সেই আহ্বানৰ প্রতি সঁহাৰি জনাই অসমৰ জনসাধাৰণেও ‘আত্মনিৰ্ভৰ অসম গঢ়ি তুলি উপার্জন তথা স্বৱলম্বিতাৰে ভাৰতক বিশ্বৰ ভিতৰতে শ্রেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তােলাৰ কামত নিষ্ঠাসহকাৰে ব্ৰতী হ’ব লাগিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ সহযােগত সমগ্ৰ ৰাজ্যখনতে বিগত চাৰে চাৰি বছৰে যি এক শান্তিৰ পৰিবেশ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে ইয়াৰ ফলশ্ৰুতিত অসমৰ উদ্যোগ খণ্ডৰ লগতে বিনিয়ােগে যথেষ্ট অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে। এডভান্টেজ আসাম’ শীর্ষক প্রথমবাৰৰ বাবে ৰাজ্যখনত আয়ােজিত কৰা বিশ্ববিনিয়ােগ সন্মিলনত ৭৯ হাজাৰ কোটি টকা বিনিয়ােগৰ প্রতিশ্রুতি অনুসৰি এতিয়ালৈকে ৫৫ হাজাৰ কোটি টকা বিভিন্ন খণ্ডৰ বিনিয়ােগ ৰাজ্যখনে লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীয়ে এই কেন্দ্ৰটোৱে ৰণথলীৰ দৰে অন্যান্য ঠাইৰ থলুৱা গহনা শিল্পৰ লগত জড়িত শিল্পীসকলকো সকলাে ক্ষেত্রতে সহায়-সহযােগিতা আগবঢ়াব বুলি আশা প্রকাশ কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে এই সমূহীয়া কেন্দ্ৰটোত স্থাপন কৰা অত্যাধুনিক সা-সৰঞ্জাম আৰু যন্ত্রপাতিয়ে থলুৱা স্বর্ণশিল্পীসকলৰ দক্ষতা বৃদ্ধিৰ লগতে তেওঁলােকক মানসম্পন্ন গহনা প্রস্তুতৰ দিশত সহায় কৰিব বুলি কয়। মন্ত্রীগৰাকীয়ে লগতে এই কেন্দ্ৰটোৱে অসমীয়া পৰাম্পৰাগত গহনাই বিশ্ববজাৰ দখলৰ কৰাৰ দিশটো বিশেষভাৱে সহায় কৰিব বুলি কয়। গহনা শিল্পক বৃত্তি হিচাপে গ্রহণ কৰিব খােজা যুৱক-যুৱতীসকলক এই কেন্দ্ৰটোৱে বিশেষভাৱে সহায় কৰি এই ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিব বুলিও মন্ত্রীগৰাকীয়ে কয়। উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব ড° কে কে দ্বিবেদীয়ে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত গুৱাহাটী লােক সভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাইও ভাষণ প্রদান কৰে।