যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

নগাঁও – ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো যুঁজিলে ম’হ। ম’হক শান্ত কৰাৰ বাবে পৰম্পৰা অক্ষুন্ন ৰাখি ম’হ যুঁজালে গুৱাল সকলে। ২৫ জোৰ ম’হৰ গৰাকীয়ে অংশগ্ৰহণ কৰিলে ম’হ যুঁজত।

ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো পৰম্পৰা অক্ষুন্ন ৰাখি ম’হক শান্ত কৰাৰ বাবে ম’হ যুঁজালে গুৱাল সকলে। পৰম্পৰাগতভাৱে মাঘৰ বিহুত চলি অহা ঐতিহাসিক ম’হৰ যুঁজ অনুষ্ঠিত হ’ল নগাঁও জিলাৰ বঢ়মপু্ৰত। বঢ়মপুৰৰ গোমোঠা গাঁৱৰ পথাৰত প্ৰায় ৪২ বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম’হৰ যুঁজ অনুষ্ঠিত কৰি অহা হৈছে। উল্লেখ্য যে ন্যায়ালয়ৰ বাধা থকা সত্বেও পৰম্পৰা ৰক্ষাৰ বাবেই এই ম’হৰ যুঁজ অনুষ্ঠিত কৰি অহাৰ লগতে জন বিশ্বাস অনুযায়ি মাঘত ম’হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰা হয় বুলিও ম’হৰ গোৱাল সকলে জানিবলৈ দিয়ে।

আনফালে এই ম’হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ গাভৰু, জীয়ৰী, বোৱৰী, যুৱকৰ লগতে বৃদ্ধ ককা-আইতা আৰু নাতি-নতীনিয়ে ভিৰ কৰে পথাৰখনত। এইবাৰ এই ঐতিহাসিক ম’হৰ যুঁজলৈ ২৫ জোৰা ম’হৰ গৰাকীয়ে অংশ গ্ৰহণ কৰে। দূৰ দূৰনিৰ পৰা গুৱালা সকল ম’হ যুঁজাবলৈ পুৱাৰ ভাগতে উপস্থিত হয় পথাৰখনত।

উল্লেখ্য যে ম’হ যুঁজৰ বাবে বিগত কেইবাদিন ধৰি যুঁজাৰু ম’হক বিভিন্ন ধৰণে যুঁজৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল গুৱালা সকল। গুৱাল সকলে ম’হটো যাতে যুজঁত ভাগৰি নাযায় ইয়ৰ বাবে নিতৌ ম’হক দৌৰাইছিল, কলগছ কিম্বা ওখ মাটিৰ লগত যুঁজৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply