পৰিবেশ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে নগাঁৱৰ যুৱকৰ চাইকেল যাত্ৰা Credit: প্ৰকৃতিপ্ৰেমী যুৱক খনিন্দ্ৰ সপোনে সকলোকে গছপুলি ৰোপনৰ আহ্বান

নগাঁও: গছপুলি ৰোপনৰ আহ্বানৰ লগতে পৰিবেশ সংৰক্ষণৰ উদ্দেশ্যে সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ চাইকেল যাত্ৰা আৰম্ভ কৰিছে নগাঁৱৰ এজন যুৱকে। নগাঁৱৰ জাজৰীৰ খনিন্দ্ৰ সপোন নামৰ এই যুৱকজনে সোমবাৰে নগাঁৱৰ পৰা আৰম্ভ কৰিছে চাইকেল যাত্ৰা।

চাইকেলেৰে সমগ্ৰ অসম ভ্ৰমণ কৰাৰ উদ্দেশ্যে নগাঁও চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰা প্ৰকৃতিপ্ৰেমী যুৱক খনিন্দ্ৰ সপোনে সকলোকে গছপুলি ৰোপনৰ আহ্বান জনায়। লগতে সম্ভৱ অনুযায়ী বাহনৰ পৰিবৰ্তে চাইকেলেৰে যাতায়ত কৰিবলৈ আহ্বান জনায় যুৱকজনে। যুৱকজনৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply