নিউজ ডেস্ক – হিমাচল প্ৰদেশত পৰিভ্ৰমী চৰাইৰ মৃত্যু। প্ৰায় ১৭০০ পৰিভ্রমী চৰাইৰ মৃত্যু হৈছে হিমাচল প্ৰদেশৰ পং ডেম অভয়াৰণ্যত। ৰাজস্থানতো অস্বাভাৱিক মৃত্যু ২৫০ টা কাউৰীৰ। বাৰ্ড ফ্লু’ৰ আশংকা। অসমত বৰ্তমানলৈকে অস্বাভাৱিক মৃত্যু হোৱা নাই চৰাইৰ।
ভাৰতৰ দেখা দিছে বাৰ্ড ফ্লু’ৰ আশংকা। হিমাচল প্ৰদেশৰ পং ডেম অভয়াৰণ্যত প্ৰায় ১৭০০ পৰিভ্রমী চৰাইৰ মৃত্যু হোৱাৰ পৰিবৰ্তে ৰাজস্থানৰ জয়পুৰকে আদি কৰি কেইবাখনো জিলাত অস্বাভাৱিক মৃত্যু হৈছে ২৫০ টাতকৈও অধিক কাউৰীৰ। ৰাজ্য দুখনত পৰিভ্রমী চৰাই আৰু কাউৰীৰ এই অস্বাভাৱিক মৃত্যুকলৈ চিন্তিত হৈ পৰিছে ৰাজ্য দুখনৰ বন বিভাগ আৰু পশুপালন বিভাগ।
শীতৰ আগমনৰ লগে লগে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা অভয়াৰণ্য সমূহৰ জলাশয়ত আশ্ৰয় গ্ৰহণ কৰিবলৈ বিশ্বৰ কেইবাখনো দেশৰ পৰা আহে পৰিভ্রমী চৰাই। প্ৰতিবছৰৰ দৰে এইবাৰো ভাৰতলৈ আহিছে অগণন পৰিভ্রমী চৰাই কিন্তু এইবাৰ এই পৰিভ্রমী চৰাই সমূহে ভাৰতলৈ বাৰ্ড ফ্লু’লৈ অহাৰ আশংকা দেখা দিছে।
বিগত কিছুদিনত হিমাচল প্ৰদেশৰ পং ডেম অভয়াৰণ্যত মৃত্যুৰ মুখত পৰিছে প্ৰায় ১৭০০ পৰিভ্রমী চৰাই। পৰিভ্রমী চৰাইৰ এই অস্বাভাৱিক মৃত্যুৰ কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বাৰ্ড ফ্লু’ত আক্রান্ত হৈ এই চৰাই সমূহৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
পৰিভ্রমী চৰাইৰ এই অস্বাভাৱিক মৃত্যুকলৈ শংকিত হৈ পৰিছে পং ডেম অভয়াৰণ্যৰ কৰ্তৃপক্ষ। ইতিমধ্যে চৰাইৰ এই অস্বাভাৱিক মৃত্যুৰ কাৰণ জানিবলৈ মৃত চৰাই সমূহৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে জালান্ধাৰ আৰু ভুপাললৈ প্ৰেৰণ কৰা হৈছে। মৃত্যু হোৱা চৰাই সমূহৰ ভিতৰত অধিকাংশ ছাইবেৰীয়া আৰু মংগোলীয়ৰ পৰা অহা বুলি জানিব পৰা গৈছে।
আনহাতে ৰাজস্থানৰ জয়পুৰকে আদি কৰি ৰাজ্যখনৰ কেইবাখনো জিলাত অস্বাভাৱিক মৃত্যু হৈছে ২৫০ টাতকৈও অধিক কাউৰীৰ। ৰাজ্যখনৰ ঝালাৱাৰত ১০০ টা কাউৰী, বাৰণত ৭২ টা কাউৰী, কটাত ৪৭ টা কাউৰী পালিত ১৯ টা কাউৰী, যোধপুৰ আৰু জয়পুৰত ৭ টাকৈ কাউৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে অসমত থকা জলাশয় সমূহতো বিভিন্ন প্ৰজাতিৰ পৰিভ্রমী চৰাই শীতৰ এই সময়ছোৱাত আশ্ৰয় লোৱা দেখিবলৈ পোৱা যায়। অসমত বর্তমানলৈকে চৰাইৰ অস্বাভাৱিক মৃত্যু হোৱা নাই যদিও পৰিভ্রমী চৰাই সমূহে অসমলৈও বাৰ্ড ফ্লু’ৰ বীজাণু কঢ়িয়াই অনাৰ আশংকা নুই কৰিব নোৱাৰি।