ৰূপহীহাট – পৰিভ্রমী চৰাইৰ আগমনে দুগুণ বৃদ্ধি কৰিছে লাওঁখোৱাৰ সৌন্দৰ্য্য। চাইবেৰীয়া, ৰাছিয়া, অষ্ট্ৰেলিয়াৰ পৰিভ্ৰমী চৰাইৰ কাকলিত প্ৰাণ পাই উঠিছে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্য। লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যই হাত বাউলি মাতিছে পৰ্যটকক।

শীতৰ আগমণৰ লগে লগে প্ৰাকৃতিক সৌন্দৰ্য্যৰে উপচি থকা লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ সৌন্দৰ্য্য দুগুণ বৃদ্ধি কৰিবলৈ অভয়াৰণ্যখনলৈ আহে জাকে জাকে পৰিভ্রমী চৰাই। লাওঁখোৱা অভয়াৰণ্যখনত থকা জলাশয় সমূহত আশ্ৰয় গ্ৰহণ কৰে দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্রমী চৰাই।

এইবেলিও অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখনৰ জলাশয় সমূহত সোঁত বৈছে পৰিভ্ৰমী চৰাইৰ। দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ কাকলিত প্ৰাণ পাই উঠিছে লাওঁখোবা বন্যপ্ৰাণী অভয়াৰণ্যৰ জলাশয়, নদ-নদী সমূহ।

দেশৰ ভিন্ন প্ৰান্তৰ লগতে সুদূৰ ৰাছিয়া, চাইবেৰীয়া, অষ্ট্ৰেলিয়াৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ চৰাই এতিয়া নগাঁও জিলাৰ লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ শীতৰ অতিথি। এই পৰিভ্রমী চৰাই সমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাইসমূহৰ মাজত অন্যতম৷

ধৃতিৰাজ হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমলৈ আহে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসমলৈ আহি মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া , চাকৈ-চকোৱা, কলীমূৰী হাঁহ, খন্তীয়া হাঁহ আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী, বগাঢেৰা, বৰবালি বগুৱা, লৰীয়তী, ৰামপৰা, গলমণিকা নাচনী আদি উল্লেখযোগ্য।

ইয়াৰ মাজতে একাংশ দুষ্ট চক্ৰ লাওঁখোৱা অভয়াৰণ্যত নামি পৰা পৰিলক্ষিত হয় এই পৰিভ্রমী চৰাই সমূহৰ চোৰাং চিকাৰত। এই পৰিভ্ৰমী চৰাই সমূহক চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈ লাওঁখোবা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply