পৰিৱহন বিভাগৰ উৱেৰাইজেশ্যন আঁচনিৰ বাছ সেৱা শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী – মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ৰাজ্য চৰকাৰৰ পৰিৱহন বিভাগৰ অধীনৰ উৱেৰাইজেশ্যন আঁচনিৰ বাছ সেৱা অসম পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে বিভিন্ন পথ সামৰি প্রথম পর্যায়ত ৩৩৯ খন বাছ সেৱা আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লৈছে। পৰৱর্তী বিত্তীয় বর্ষত ৰাজ্য চৰকাৰে এই বাছ সেৱা আৰু অধিক সম্প্রসাৰিত কৰিব যাতে এই সেৱা সর্বসাধাৰণ ৰাইজৰ বাবে সহজলভ্য হয়। এই আঁচনিখনৰ অধীনত সেৱা আগবঢ়োৱা বাছৰ ব্যয়ৰ ২৫ শতাংশ অসম ৰাজ্যিক পৰিবহন নিগমে আগবঢ়োৱাৰ উপৰি ইয়াৰে ৬৫ শতাংশ ষ্টেট বেংক অৱ ইণ্ডিয়াই আগবঢ়াৱ। এই ২৫ শতাংশ ব্যয়ৰ ৰাজ্য চৰকাৰে ১০ শতাংশ ৰাজ সাহায্য হিচাপে আগবঢ়াৰ আৰু ১৫ শতাংশ ৫ বছৰৰ ভিতৰত সুদবিহীন ঋণ হিচাপে আগবঢ়াব লাগিব।

এই উপলক্ষে আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে পৰিবহনৰ জৰিয়তে ৰূপান্তৰৰ লক্ষস্থিৰ কৰিছে আৰু এই নীতিৰ আধাৰতে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি যােগাযােগ ব্যৱস্থা সুচলতৰ কৰাৰ বাবে দ্রুততাৰে পদক্ষেপ লৈ আছে। এই আঁচনিখনে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক নিয়ােজনৰ সুবিধা আগবঢ়োৱাৰ উপৰি ৰাজ্যখনৰ পৰিবহন ব্যৱস্থা সুচলতৰ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। যুৱ উদ্যোগীসকলক সফলতাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে যুৱ হিতাধিকাৰীসকলে নিয়মানুবর্তীতা, কর্ম দক্ষতা আৰু সময় সাপেক্ষ সেৱা আগবঢ়াই এই বাছ সেৱাৰ জৰিয়তে সফলতাৰ এক অনন্য উদাহৰণ দাঙি ধৰিব লাগিব। ৰাজ্য চৰকাৰে যুৱ নেতৃত্বৰে উন্নয়নৰ গতি ধাৰা তন্বিত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰােপ কৰিছে বুলি উল্লেখ কৰি এই আঁচনিৰ হিতাধিকাৰীসকলক সফলতাৰ উদাহৰণ দাঙি ধৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় যাতে অন্যান্য যুৱ উদ্যোগীসকলেও এই সফলতাৰ পৰা অনুপ্রাণিত হৈ নিজৰ ব্যৱসায়িক দিশত সফলতা লাভৰ বাবে প্রেৰণা লাভ কৰিব পাৰে।

এই ক্ষেত্ৰত হিতাধিকাৰীসকলে যথেষ্ট কষ্ট আৰু উৎসর্গিত মনােভাৱেৰে সেৱা আগবঢ়োৱাৰ মানসিকতা গঢ়ি তুলিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে এই আঁচনিলৈ সহযােগিতা আগবঢ়োৱাৰ বাবে ভাৰতীয় ষ্টেট বেংকক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে দেশৰ যুৱ শক্তিক আগবঢ়াই নিয়াৰ বাবে ‘মেক ইন ইণ্ডিয়া’, ‘ষ্টার্ট আপ ইণ্ডিয়া, ‘ডিজিটেল ইণ্ডিয়া’ৰ দৰে যুগান্তকাৰী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰেও যুৱ চামৰ জীবিকা অর্জনৰ দিশত বিশেষভাৱে গুৰুত্ব দিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ যুৱ চামক চৰকাৰে গ্ৰহণ কৰা আঁচনিসমুহৰ সা-সুবিধা লাভেৰে উপকৃত হােৱাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কত তৃণমূল পর্যায়লৈকে উপযুক্ত সজাগতা সৃষ্টিৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে কয় যে আজিৰ দিনটো এক ঐতিহাসিক দিন। কাৰণ আজিৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ পৰিবহন ব্যবস্থা সুচলতৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ উৰােইজেশ্যন আঁচনিৰ অধীনত বাছ সেৱাৰ শুভাৰম্ভ কৰাৰ উপৰি গুৱাহাটী লােকপ্রিয় গােপনীথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমান বন্দৰত চেণ্টাৰ ফ’ৰ পেৰিচেবল কার্গোৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰিছে। এই কাৰ্যই ৰাজ্যখনৰ কৃষকসকলক তেওঁলােকৰ উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে এক বৃহৎ বজাৰ প্ৰদান কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে কয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ এক্ট ইষ্ট পলিচি, স্কীল ডেভলপমেন্ট মিশ্যনৰ অধীনত ৰাজ্য চৰকাৰেও ৰাজ্যখনৰ প্ৰত উন্নয়নৰ বাবে নিষ্ঠাসহকাৰে পদক্ষেপ লৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,888 other subscribers

Leave a comment

Leave a Reply