গুৱাহাটী – কামৰূপ মহানগৰত পৰীক্ষামূলকভাৱে কভিড ভেকচিন প্ৰদানৰ সফলতাৰে আৰম্ভণি। শনিবাৰৰ পৰা কামৰূপ মহানগৰত পৰীক্ষামূলকভাৱে কভিড ভেকচিনৰ প্ৰদানৰ আৰম্ভণি।
সমগ্ৰ দেশৰ লগতে শনিবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ কৰা হয় পৰীক্ষামূলকভাৱে কভিড ভেকচিন প্ৰদান। কভিড ভেকচিন প্ৰদানৰ বাবে প্ৰথম পৰ্যায়ত জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ফালৰ পৰা তিনিটাকৈ কেন্দ্ৰক বাচনি কৰা হৈছে।
প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কামৰূপ মহানগৰ জিলাত বাচনি কৰা কেন্দ্ৰ তিনিটা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতল, খানাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সোণাপুৰ স্বাস্থ্য কেন্দ্ৰ।
পৰীক্ষামূলক কভিড ভেকচিন প্ৰদানৰ কেন্দ্ৰ তিনিটাত শনিবাৰৰ পৰা আৰম্ভ কৰা হয় ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া। পৰীক্ষামূলক কভিড ভেকচিনৰ প্ৰদানৰ অনুষ্ঠনাত ভেকচিন প্ৰদানৰ ক্ষেত্ৰত সকলো দিশ সাৱধানতা পৰীক্ষা কৰা হৈছে।