নগাঁও – মৰিকলঙৰ বেদখল উচ্ছেদ কৰিবই লাগিব। নগাঁৱত মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। দেওবাৰে নগাঁৱত কেইবাটাও আঁচনি উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। পৰ্যটকৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হ’ব মৰিকলং বিল।
দেওবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁৱত সম্পূৰ্ণ হোৱা কেইবাটাও আঁচনি শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। মুখ্যমন্ত্ৰীয়ে লগতে কেইবা কোটি টকীয়া কেইবাটাও কামৰো শুভাৰম্ভ কৰিব ।
শনিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰিলে বিধায়ক ৰূপক শৰ্মাই। নগাঁও চহৰখনক আটকধুনীয়া কৰিবলৈ বহুকেইটা আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মৰিকলঙৰ বেদখল উচ্ছেদ কৰিবই লাগিব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে লগতে কয় যে লৈ মৰিকলং বিল পৰ্যটকৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হ’ব। মৰিকলং বিল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যে ২৫ কোটি টকাৰ অনুমোদন কৰা হৈছে বুলিও জানিবলৈ দিয়ে।