Matapung maguri bil

দয়ামণি চেতীয়া:- তিনিচুকীয়া জিলা এক অঞ্চল বাৰেকুৰি | তিনিচুকীয়া জিলা সদৰৰ পৰা প্ৰায় ১১ কি.মি. দূৰত্বত অৱস্থিত অঞ্চলটো আজি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু | যি সময়ত অঞ্চলটোলৈ পৰ্যটকৰ আগমন হৈছে সেই সময়ত অঞ্চলটোৰ উন্নয়ন ক্ষেত্ৰত প্ৰতিবন্ধকতাও আহিছে |

কিছুমাহৰ আগতে বাঘজানৰ যি অগ্নিকাণ্ড সংঘটিত হৈছিল তাৰপৰা প্ৰায় তিনি চাৰি কিলোমিটাৰ মান দূৰত্বত থকা প্ৰকৃতিৰ ৰম্যভূমি মাগুৰি মটাপুং বিলখনতো প্ৰভাব পৰিছিল | ইয়াৰ পানী প্ৰদূৰ্ষিত হৈ পৰাৰ ফলতেই শংকাও হৈছিল প্ৰকৃতিৰ বিনন্দীয়া এই ভূমিলৈ এইবাৰ বিদেশী আলহীৰ আগমন নঘটে | কিন্তু সময় বাগৰাৰ লগেলগে অঞ্চলটোলৈও পৰিবৰ্তন আহিল , স্বাভাবিক হ’বলৈ ললে পৰিবেশ আৰু আগৰ দৰেই আহিল বিদেশী অতিথি | বৰ্তমান বিলখনত দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ কল কাকলিৰে মুখৰিত হৈ পৰিছে পৰিবেশ |

ঐতিহাসিক ‘ মাগুৰি মতাপুং বিল’, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডল হিচাপে পৰিচিত । এই বিল খনে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় মঞ্চতে স্বীকৃতি লাভ কৰিছে | আন্তৰাষ্ট্ৰীয় পক্ষী বিল হিচাপে বম্বে নেচ’নেল হিষ্ট্রি এণ্ড চ’চাইটিয়ে স্বীকৃতি প্রদান কৰিছে মাগুৰি মতাপুং বিলক ।

তিনিচুকীয়া জিলাৰ অন্তৰ্গত ১০ বৰ্গ কি.মি.ৰ এক বিস্তৃত এলেকা আগুৰি থকা এই মাগুৰি মতাপুং বিল এটা জল-প্ৰণালী বৈ গৈছে ডিব্ৰু নৈ-লৈ । বিলখনৰ পূৱ দিশত অৱস্থিত বাঘজান আৰু মতাপুং গাঁও, পশ্চিমে আছে নতুনগাঁও, উত্তৰ দিশে আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণ দিশে আছে ধেলাখাট চাহ বাগিছা ।

শীতৰ আগমনৰ লগে লগে এই বিলখনলৈ আহে বহুতো প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষী । বিশেষকৈ অক্টোবৰ পৰা মাৰ্চ মাহলৈকে হাজাৰ হাজাৰ পক্ষী এই বিল খনলৈ পৰিভ্ৰমণ কৰি মাগুৰি সুবাস লবলৈ আহে, যদিও কিছু সংখ্যক স্থানীয় পক্ষী এই বিলখনত দেখিবলৈ পোৱা যায় ।

মাগুৰি মতাপুং বিললৈ অহা বিভিন্ন পক্ষীৰ ভিতৰত আছে

পানীডুবি, কৈলাঙী, পানী কাউৰী, মণিয়ৰী , কণামুচৰি , গো-বগ , মাজু-বগ , বামুনী-বগ , ইটাগুড়ীয়া, শামুকভঙা , বৰটোকোলা , শৰালি হাঁহ , বনৰীয়া পাতিহাঁহ , কিকি হাঁহ , বগা চিলনী, মৌ-খাপ , ডাউক, কোঢ়া চৰাই, কামচৰাই , দলমৰা , বালিঘোৰা, ফেঁচা, হুদু , মাছৰোকা শালিকা, কাঠৰোকা, চেকচেকী, পাতসিয়া, ঢাপলিকা, দহি-কতৰা, শিলকতৰা, পথৰুৱা মাটিমাহী ইত্যাদি।

৩ শতাধিকৈও অধিক বিভিন্ন প্ৰজাতি পৰিভ্ৰমী পক্ষী বিৰাজমান এই বিলখনি চাবলৈ বহুতো দেশী বিদেশী পৰ্যটকৰ আগমন হোৱা পৰিলক্ষিত হয়। প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশত থকা এই ৰম্যভূমি আজি দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ থল আছে | ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ল’ব লগা বিশেষ ভূমিকা বোৰে অঞ্চলটোত ভুমুকি মাৰিলে ‘মাগুৰি মতাপুং বিল’ অঞ্চলটোৰ লগতে ৰাজ্য খনৰ বাবে মাইলৰ খুটি হ’ব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply