ওৰাং ৰাষ্ট্ৰীয় উদ্যান

আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিলে ৰাষ্ট্ৰীয় উদ্যান খন ৷

অনুষ্ঠানত বনমন্ত্ৰীৰ লগতে উপস্থিত থাকে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ,বিধায়ক গুৰুজ্যোতি দাসৰ লগতে গনেশ লিম্বু ।

ক’ভিড প্ৰট’কল মানি চলি দৰ্শনাৰ্থীয়ে উপভোগ কৰিব পাৰিব ওৰাঙৰ সৌন্দৰ্য‍্য।উদ্যানখনত জিৰণি শালাৰো ব্যৱস্থা কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জানিব দিছে।

প্ৰতি বছৰে নৱেম্বৰৰ পৰা মে মাহলৈকে দৰ্শনাৰ্থীৰ বাবে মুকলি থাকে ৰাষ্ট্ৰীয় উদ্যান খন। ক’ভিড ১৯ মহামাৰীৰ বাবে মাৰ্চৰ পৰাই বন্ধ কৰি দিয়া হৈছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যান।প্ৰতিবছৰে দেশী-বিদেশী বহু পৰ্যটকৰ আগমন ঘটে ৰাষ্ট্ৰীয় উদ্যান খনত।

২০১৮ – ১৯ বৰ্ষত উদ্যান খনলৈ ৫১ গৰাকী বিদেশী পৰ্যটকৰ লগতে মুঠ চাৰি হাজাৰ ছগৰাকী আৰু ২০১৯-২০ বৰ্ষত ৫৩ গৰাকী বিদেশী পৰ্যটক সহ মুঠ তিনি হাজাৰ চাৰিশ সাতাশী গৰাকী দৰ্শনাৰ্থীৰ আগমন ঘটা বুলি বিভাগীয় তথ্যই প্ৰকাশ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply