ৰাজ্যত বিমান সংযোগৰ বাবে নতুন দিশ মুকলি কৰি অসম পৰ্যটন বিভাগে পৱন হংস লিমিটেডৰ (পিএইচএল) সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ চাৰিটা খণ্ডত ৬ খন হেলিকপ্টাৰ সেৱা ৰাইজৰ বাবে মুকলি কৰে। বুধবাৰে গুৱাহাটীত অসম পৰ্যটন উন্নয়ন নিগম আৰু পৱন হংস লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
৬ খন ৰাজ্যত UDAN আঁচনিৰ অধীনত আৰচিএছ বিমান চলাবলৈ পিএইচএলক ৮৬ টা পথ প্ৰদান কৰা হৈছে। এই সেৱাসমূহ সপ্তাহত ৩ দিন চলিব।
প্ৰথম পৰ্যায়ত, এই সেৱা ডিব্ৰুগড়-যোৰহাট, যোৰহাট-তেজপুৰ, তেজপুৰ-গুৱাহাটী নেটৱৰ্কত চলিব।