ফকিৰগঞ্জৰ জামাদাৰহাটত নৃশংস হত্যাকাণ্ড

ফকিৰগঞ্জ – এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ধুবুৰী জিলা ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত জামাদাৰহাট চিৰাকুটি অঞ্চল। বুধবাৰে নিশা জামাদাৰহাটৰ মাথাকাটা কান্দাপাৰা গাঁৱত সংঘটিৰ হয় এক নৃশংস হত্যাকাণ্ড। গাঁওখনৰ শাহজাহান আলী নামৰ এজন লোকক নিশাৰ অন্ধকাৰত হত্যা কৰে দূৰ্বৃত্তই।

বৃহস্পতিবাৰে পুৱাৰ ভাগত পথাৰৰ মাজত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰাৰ স্পষ্ট চিন লোকজনৰ মৃতদেহত দেখিবলৈ পোৱা যায়। পুৱাৰ ভাগত স্থানীয় কিছুমান লোকে পথাৰত প্ৰত্যাক্ষ কৰে লোকজনৰ মৃতদেহ।

শাহজাহান আলীৰ পৰিয়ালৰ লোকৰ বিৱৰণী মতে শাহজাহান আলী বুধবাৰে সন্ধিয়া ঘৰৰ পৰা স্থানীয় বজাৰলৈ ওলাই গৈছিল যদিও নিশালৈকে ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। পুৱা স্থানীয় লোকে পথাৰৰ মাজত লোকজনৰ মৃতদেহ প্ৰত্যাক্ষ কৰাত লোকজনৰ হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ফকিৰগঞ্জ আৰক্ষী উপস্থিত হৈ লোকজনক মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমানলৈকে পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত বৃদ্ধি পাইছে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগতে হত্যা-হিংসা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply