ফকিৰাগ্ৰাম – ফকিৰাগ্ৰামত ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰীৰ মাজত হঠাৎ লাগিল হাহাকাৰ। দপদপকৈ জ্বলি উঠিল ৰাজধানী এক্সপ্ৰেছৰ এটা ডবা। কথামপি ৰক্ষা পৰিল ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰী সকলৰ।

শনিবাৰে পুৱাৰ ভাগত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত সংঘটিত হয় এক ভয়াবহ দুৰ্ঘটনা। ফকিৰাগ্ৰামত হঠাৎ জ্বলি উঠে ৰাজধানী এক্সপ্ৰেছৰ এখন ডবা। ৰাজধানী এক্সপ্ৰেছৰ এখন ডবাত অগ্নিকাণ্ড সংঘটিত হোৱা ৰে’লখনত থকা যাত্ৰী সকল আতংকিত হৈ পৰে।

ৰে’লখনত থকা যাত্ৰী এগৰাকীয়ে জানিবলৈ দিয়া মতে হঠাৎ চলন্ত ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হোৱাত যাত্ৰী সকল আতংকিত হৈ পৰে আৰু ৰে’লৰ চেইন টানি ৰে’লখন ৰখাই দিয়া হয়। যাত্ৰী সকলে ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ ৰে’ল বিভাগক দিয়ে।

পৰৱৰ্তী সময়ত ৰে’ল সুৰক্ষা বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে গৈ থকা ৰে’লখনত সংঘটিত হোৱা অগ্নিকাণ্ডত কথামপি ৰক্ষা পৰে যাত্ৰী সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply