গুৱাহাটী – ৰাজ্যত ক্ৰিকেটৰ বিকাশৰ বাবে এক যোগাত্মক পৰিৱেশ গঢ়া লক্ষ্যৰে অসম ক্ৰিকেট সন্থাই চলিত বৰ্ষৰ পৰা আৰম্ভ কৰিছে এ চি এ বাৰ্ষিক বঁটা। কালি নিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও প্ৰতিভাশালী উদীয়মান ক্ৰিকেটাৰক প্ৰদান কৰে।
এই বঁটাত একোটাকৈ স্মাৰক আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। চলিত বৰ্ষৰ বাবে সুপ্ৰজিত শইকীয়াই বৰ্ষশ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা, দশৰথ কুমাৰে বৰ্ষটোৰ প্ৰতিভাশালী খেলুৱৈ বঁটা আৰু ৰঞ্জিত মালীয়ে বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।
ৰাজ্যৰ একাধিক ক্ৰিকেট ক্লাবক ১ লাখ টকাকৈ এ চি এৰ তৰফৰ পৰা প্ৰদান কৰা কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ক্ৰীড়াই সদ্ভাৱনা আৰু আন্তৰিকতাই সমাজ গঢ় দিয়ে। সমন্বয়ৰ দ্বাৰা শক্তিশালী সমাজ গঢ়াত ক্ৰীড়াই উল্লেখযোগ্য ভুমিকা পালন কৰে।
ৰাজ্যৰ উঠি অহা যুৱ চামক ক্ৰীড়া ক্ষেত্ৰত নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ক্ৰীড়াবিদ সকলে কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে জীৱনত সফলতা আহৰণ কৰে আৰু সেয়েহে তেওঁলোকৰ কষ্টত সাধুতা আৰু সৰলতা প্ৰকাশ পায়।