গুৱাহাটী – নৱনিৰ্মিত ফুটব্ৰীজত গুটখা খাই পিকোৱা লোকৰ সন্ধানত নামিছে প্ৰশাসন। চি চি টিভি ফুটেজ চাই ফুটব্ৰীজত গুটখা খাই পিকোৱা লোকৰ সন্ধানত নামিছে প্ৰশাসন। আইনগত ব্যৱস্থা লোৱা হ’ব ফুটব্ৰীজত গুটখাৰ পিক পেলোৱা লোকৰ বিৰুদ্ধে।
উদ্ধোধনৰ কিছু সময় পিছতে জি এছ ৰোডস্থিত এখন ফুটব্ৰীজত গুটখা খাই কোনো লোকে পিকাইছিল। নৱনিৰ্মিত ফুটব্ৰীজত কোনো লোকে গুটখা খাই পিকাই যোৱাৰ খবৰ সম্প্ৰচাৰ হৈছিল বিভিন্ন সংবাদ মদ্যমত। ইয়াৰ পিছতে তৎপৰ হৈ উঠিছে প্ৰশাসন।
ফুটব্ৰীজত পিকোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে “ফুটব্ৰীজত গুটখা খাই পিক পেলোৱা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব। চি চি টিভি ফুটেজ পৰীক্ষা কৰি ফুটব্ৰীজত গুটখা খাই পিক পেলোৱা লোকৰ সন্ধান চলোৱা হ’ব”।
মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই লগতে কয় যে ৰাজহুৱা সম্পত্তি ভাল দৰে ৰখাৰ দায়িত্ব সকলোৰে। ৰাজহুৱা সম্পত্তিৰ ওপৰত যি সকল লোকে এইদৰে গুটখা খাই পিক পেলাইছে, তেওঁলোকৰ সন্ধান চলাই থকা হৈছে বুলিও জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে।
উল্লেখ্য যে সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জি এছ ৰোডৰ ওপৰত নিৰ্মাণ কৰা দুখনকৈ ফুটব্ৰীজ উদ্ধোধন কৰিছিল। গুৱাহাটীত নিৰ্মাণ কাৰ্য চলি থকা মুঠ দহখন ফুটব্ৰীজৰ দুখন মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে উদ্ধোধন কৰিছিল সোমবাৰে। একোখন ফুটব্ৰীজ নিৰ্মাণত ব্যয় হৈছে প্ৰায় ১০ কোটি টকা। মন্ত্ৰীগৰাকীয়েও পিক পেলোৱাসকলক চিচিটিভি ফুটেজ চাই ব্যবস্থা গ্ৰহন কৰিবৰ বাবে প্ৰশাসনক জনোৱা বুলি অবগত কৰিছে |