গুৱাহাটী – ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ইফালে ইয়াৰ বাবে প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ৩০ নৱেম্বৰ।

নিয়মিত, বেটাৰমেণ্ট, ৰি-এপিয়েৰেন্স, নিৰ্দ্দিষ্ট বিষয়ৰ পৰীক্ষা তথা অন্যান্য এনআইপি প্ৰাৰ্থীসকলৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন ধাৰ্য কৰা হৈছে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ।

আনহাতে বিবৃতি বা ষ্টেটমেণ্ট, মাচুল পৰিশোধ, চালান আদি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত জমা দিয়াৰ শেষ তাৰিখ হৈছে ১৫ ডিচেম্বৰ, ২০২০।

ইফালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ বাবে ক’ভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত পাঠদান প্ৰক্ৰিয়া ব্যাহত হোৱাৰ বাবে ‘ছিলেবাছ’ ৩০ শতাংশ হ্ৰাস কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply