বকলীয়াত দলবদ্ধ আক্ৰমনত এজনৰ মৃত্যু

বকলীয়াঘাট – অভি নীল হত্যাকান্ডৰ বিচাৰ প্ৰক্ৰিয়া অন্তিম দিশলৈ আগবঢ়াৰ সময়তে কাৰ্বি আংলং জিলা সংঘটিত হৈছে তেনে এক দলবদ্ধ আক্ৰমনৰ ঘটনা |বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত তাৰালাংছ ক’ৰাজী বে’ গাঁৱত দেওবাৰে নিশা এক পাশৱিক হত্যাকাণ্ড সংঘটিত হয়৷ বাৰেলং গাঁৱৰ মনছিং ৰংপিয়ে ক’ৰাছী বে’ গাঁৱৰ এগৰাকী মহিলাক দেওবাৰে নিশা অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হয়।

ইয়াৰ পিছতে একাংশ গঁঞাই মনছিঙক এখন খেল পথাৰৰ গ’ল পষ্টত বান্ধি লৈ ৰড, লাঠিৰে প্ৰহাৰ কৰে মনছিঙ নামৰ লোকজনক। ফলত ঘটনাস্থলিতে মনছিঙৰ মৃত্যু হয়৷ গণপ্ৰহাৰত মৃত্যু হোৱা মনছিঙৰ মৃতদেহ পুৱা গাঁওৱাসীয়ে প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক অবগত কৰে৷আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাৱে ডিফুলৈ প্ৰেৰণ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply