বঙাইগাঁও – অসম নেপালী সাহিত্য সভাৰ বঙাইগাঁও জিলা সমিতিৰ দ্বিবাৰ্ষিক অভিৱৰ্তন দেওবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বঙাইগাঁও চহৰৰ দোলাইগাঁও গোৰ্খা অতিথিশালা ভৱন প্ৰাংগণত অনুষ্ঠিত হয়। শিল্পী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত অভিৱৰ্তনৰ কাৰ্যসুচী জিলা সমিতিৰ সভাপতি গোপাল চন্দ্ৰ ভট্টৰাইয়ে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে।ইয়াৰ পিছতেই স্মৃতি তৰ্পণৰ আত ধৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাম কুমাৰ শৰ্মাই।
শিল্পী দিৱস উপলক্ষ্যে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ তথা পূষ্পাঞ্জলী অৰ্পণ কৰাৰ লগতে স্থানীয় শিল্পীসকলৰ দ্বাৰা আদৰণি গীতেৰে আৰম্ভ হয় প্ৰতিনিধি সভাখন। সভাখন উদ্বোধন কৰে অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যকাৰী সদস্য পূৰ্ণ কাফ্লেই। জিলা সভাপতি গোপাল প্ৰসাদ ভট্টৰাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত সম্পাদকীয় প্ৰতিবেদন উপস্থাপন আৰু অনুমোদন, সাংগঠনিক চৰ্চা-পৰিচৰ্চা আৰু ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে প্ৰস্তাব গ্ৰহণৰ অন্তত পৰবৰ্তী তিনি বছৰীয়া কাৰ্যকালৰ বাবে পূৰ্ণ প্ৰসাদ শৰ্মাক সভাপতি, মানবীৰ পৌডেলক কাৰ্যকৰী সভাপতি, ৰাম প্ৰসাদ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া জিলা সমিতিৰ নতুন কাৰ্য নিৰ্বাহক সমিতি গঠন কৰা হয়।
প্ৰতিনিধি সভাত জিলা সমিতিৰ অন্তৰ্গত ছখন শাখা সমিতিৰ পৰা এশগৰাকীৰো অধিক প্ৰতিনিধি তথা পৰ্যবেক্ষণকসকলে অংশ লয়। জিলা সমিতিৰ সভাপতি গোপাল ভট্টৰাইৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাখন অসম নেপালী সাহিত্য সভাৰ উপসভাপতি ভবানী প্ৰসাদ শৰ্মাই উদ্ঘাটন কৰে। সভাত যোগান মন্ত্ৰী ফণিভূষণ চৌধুৰী, বঙাইগাঁও কলেজৰ অধ্যাপক ভবানী প্ৰসাদ শৰ্মাৰ “ক্ৰিয়েটিভ থ’টছ্” নামৰ পুস্তক উন্মোচন কৰে। সভাত অসম নেপালী সাহিত্য সভাৰ সভাপতি দূৰ্গা খতিওড়া মূখ্য অতিথি ৰূপে উপস্থিত থাকে।
নেপালী সাহিত্য সভাৰ অভিৱৰ্ত সভাখনত এক বিশেষ সম্ভৰ্ধনা কাৰ্যসূচীও গ্ৰহণ কৰা হয়। উক্ত সভাখনত এই বিশেষ সম্বৰ্ধনা কাৰ্যসূচীৰ অন্তৰ্গত ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।