নিউজ ডেস্ক : বঙাইগাঁও জিলাৰ যোগীঘোপাত সোমবাৰে সংঘটিত এক দুৰ্ঘটনাত ট্ৰেইনৰ খুন্দাত এগৰাকী মহিলাই প্ৰাণ হেৰোৱাব লগা হয়।

আজি পুৱা যোগীঘোপা ৰে’লৱে ষ্টেশ্যনত উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে যোগিঘোপা ষ্টেশ্যনত ট্ৰেইনৰ বাবে ৰখি থকা এগৰাকী মহিলা ট্ৰেইনখন ষ্টেশ্যনত প্ৰৱেশ কৰাৰ সময়তে দুৰ্ভাগ্যবশতঃ ৰে’লৱে ট্ৰেকত পৰি গৈছিল।

ফলত ট্ৰেইনখনে মহটিয়াই নিয়াত মহিলা গৰাকীয়ে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়। নিহত মহিলা গৰাকীক এলিজা বাউৱা বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভাৰ সদন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply