বঙাইগাঁও – বঙাইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে ব্যৱসায়ীক গুলীয়ালে দুৰ্বৃত্তই। আহত ব্যৱসায়ীজনক চিকিৎসলায়লৈ প্ৰেৰণ।
বঙাইগাঁৱৰ জিলাৰ পাতিলাদহাত অঘটন। এজন ব্যৱসায়ীক দিনৰ পোহৰতে গুলীয়ালে দুৰ্বৃত্তই। ব্যৱসায়ীজনক গুলী চালনা কৰিয়ে মটৰ চাইকেলত অহা দুৰ্বৃত্তই পলায়ন কৰে।
বঙাইগাঁৱৰ কুৰ্শামাৰীৰ পাতিলাদহা-আলুখুন্দা পথত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা। চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং গৰাইমাৰীৰ ৰফিকুল ইছলাম নামৰ এজন ব্যৱসায়ীলৈ গুলী চালনা কৰে দুৰ্বৃত্তই।
মটৰ চাইকেলেৰে পাতিলাদহাৰ পৰা ২ নং গৰাইমাৰীৰ নিজ গৃহলৈ আহি গৈ থকা অৱস্থাত ৰফিকুল ইছলামক উদ্দেশ্যি গুলী চালনা কৰে দুৰ্বৃত্তই। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৰফিকুল ইছলামক।