বঙাইগাঁও – সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে পালন কৰা হৈছে অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু। বুধবাৰে উৰুকা উপলক্ষে মেজিৰ বাকৰিত সকলো মিলি নিশা এসাজ খাই বৃহস্পতিবাৰে পুৱাৰ ভাগত মেজি জ্বলাই সকলোৱে অপায় অমংগল দূৰ কৰাৰ বাবে প্ৰাৰ্থনা কৰিলে।
সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ টেঙাইগাঁৱটো সমূহীয়াকৈ পালন কৰা হয় ভোগালী বিহুৰ উৎসৱ। পুহ আৰু মাঘ মাহৰ মকৰ সংক্ৰান্তীত পালন কৰা মাঘ বিহু অথবা ভোগালী বিহু উপলক্ষে পৰম্পৰা অনুসৰি মেজি জ্বলোৱা নিয়ম৷ অগ্নি দেৱতাক প্ৰাৰ্থনা জনাই সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ বাবে মেজি জ্বলোৱাৰ পৰম্পৰা।
মেজিৰ জুইত সমাজৰ পৰা সকলো অপশক্তি নাশ হোৱাৰ কামনা কৰে ৰাইজে৷ বঙাইগাঁও জিলাৰ টেঙাইগাৱঁটো মেজিত জুই দি স্থানীয় ৰাইজে কামনা কৰে যে মেজিৰ জুইত জ্বলি সমাজৰ পৰা নোহোৱা হওক অপায় অমংগল। পুৱাৰ ভাগত গাঁওখনৰ সমূহ ৰাইজ মেজিৰ বাকৰিত একত্ৰিত হৈ সমূহীয়া কৈ নেদেখা জনৰ ওচৰত সমগ্ৰ মানৱ জাতিৰ মংগলৰ বাবে প্ৰাৰ্থনা জনায়।