বজালীয়ে পালে পূৰ্ণাংগ জিলাৰ ৰূপ Credit: ইষ্ট ম'জ'

বজালী– বজালীবাসীৰ এক দিৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে বুধবাৰে আনুষ্ঠানিকভাবে বজালী মহকুমাক জিলালৈ ৰূপান্তৰিত কৰে। বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিক ভাবে শুভৰাম্ভ কৰে বজালী জিলাৰ।

এই অনুস্থানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ দাস, মুখ্যপাত্ৰ ৰূপম গোস্বামী।

কিছুদিন পূৰ্বে নিযুক্তি দিয়া উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ হাতত বজালী জিলাৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। লগতে পাঠশালাক নিমনগৰী হিচাপে ঘোষণা কৰাৰ লগতে ৪.৬৮ কৌটি টকা ব্যয় সাপেক্ষে পাঠশালাত স্থাপন হ’বলগীয়া দুগ্ধ সংসাধন উদ্যোগৰ নিৰ্মাণ কাৰ্য্যত আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply