নগাঁও – অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ তথা সৃষ্টি আৰু কৃষ্টিৰাজীক বিশ্বদৰবাৰত প্ৰতিস্থাৰ লক্ষ্যৰে আজিৰ পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ মহোৎসৱ ৷ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা শংকৰদেৱ মহোৎসৱকলৈ উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে মহাপুৰুষ জনাৰ পৱিত্ৰ জন্ম স্হান বটদ্ৰৱাত ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত ৰাজ্যৰ দুই সহস্ৰাধিক শিল্পী, সাহিত্যিক, গৱেষকৰ লগতে বহিঃৰাজ্যৰ বহু গৱেষক-পণ্ডিতে অংশগ্ৰহণ কৰিব। মহোৎসৱৰ প্ৰথম কাৰ্যসূচী হিচাপে ” সামাজিক পুনৰ গঠন আৰু উন্নয়নৰ প্ৰসঙ্গত শ্ৰীমন্ত শংকৰদেৱৰ তাত্বিকতা আৰু প্ৰায়োগিকতা” শীৰ্ষক বিষয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
নগাঁও চহৰৰ খগেন মহন্ত সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত দেশ-বিদেশৰ কেইবা গৰাকীও সমল ব্যক্তি তথা পণ্ডিতে অংশ গ্ৰহণ কৰি তত্বগধুৰ বক্তৃতা প্ৰদান কৰে।তদুপৰি দেশ-বিদেশৰ তিনিশ গৱেষক, অধ্যাপক,ছাত্র-ছাত্রী আৰু বিদ্যানুৰাগীয়ে অংশগ্ৰহণ কৰা এই আলোচনা চক্ৰ খন বটদ্ৰবা থানৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰে।
আলোচনা চক্ৰ খনত সন্মানীয় অতিথি হিচাপে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ বিশেষজ্ঞ সমিতিৰ সদস্য তথা আমেৰিকা যুক্তৰাষ্ট্ৰত নিউইয়ৰ্ক ষ্টেট বিশ্ববিদ্যালয়ৰ এসময়ৰ অধ্যাপক ডঃ বি ৰামশ্বামী, বিশিষ্ট চিন্তাবিদ তথা হাৰিয়ানা বিত্ত আয়োগৰ উপদেষ্টা, কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা আৰ জি এন আই ৱাই ডি ৰ প্ৰাক্তন সঞ্চালক ডঃ এম এম গোৱেল, বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা সুবোধ চন্দ্ৰ দাস,নেপালৰ অধ্যাপক শংকৰ থাপা আদিয়ে অংশগ্ৰহণ কৰে ।

শ্ৰীমন্ত শঙ্কৰদেৱ মহোৎসৱ উপলক্ষে ৩০ আৰু ৩১ জানুৱাৰীত বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী মুকলি মঞ্চ, শলগুৰি নসত্ৰ, ভেটিয়নী নৰোৱা সত্ৰ, নৰোৱা কুজি সত্ৰ, নৰোৱা বালিসত্ৰ, আউনীআটী শাখা সত্ৰ, কৰচুং সত্ৰ আৰু আইলক্ষ্মী থানত একেলগে অনুষ্ঠিত হব ভাওনা, সত্রীয়া নৃত্য, বৰগীত, দিহানাম, থিয় নাম, ভোৰতাল নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।
ইয়াৰ উপৰি ২৫০ গৰাকী চিত্ৰশিল্পীয়ে বটদ্ৰৱাৰ আকাশীগংগাৰ পাৰে পাৰে কেনভাছত শংকৰী শৈলীৰ চিত্ৰ অংকন কৰিব আৰু আকাশী গংগাৰ পাৰত ২৫০ গৰাকী কবিৰ কবিতা পাঠৰ এক অনুষ্ঠানো অনুষ্ঠিত হ’ব ৷