যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

বটদ্ৰৱা – বটদ্ৰৱাৰ ৰাইডঙীয়াত ভয়াবহ পথ দুর্ঘটনা। চাৰিচকীয়া বাহনে মহতিয়াই নিলে মটৰ চাইকেল। থিতাতে নিহত মটৰ চাইকেল আৰোহীজন।

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত অন্তৰ্গত ৰাইডঙীয়াত সংঘটিত হৈছে এক ভয়াবহ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত এজন লোক থিতাতে নিহত হৈছে। নিহত লোকজন ধিংৰ বেচামাৰীৰ আছিকুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

এএছ-০২-এইচ-৫৯৬৯ নম্বৰৰ এখন মটৰচাইকেলেৰে নগাঁৱৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা এখন অচিনাকি চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে আছিকুৰ ৰহমান নামৰ মটৰ চাইকেল আৰোহীজনক। ফলত থিতাতে নিহত মটৰ চাইকেল আৰোহী আছিকুৰ ৰহমান।

পথ দুর্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply