বড়ো-কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ ১৪ জনীয়া এক সমিটি গঠন Credit: অধ্যক্ষ হিচাপে নিয়োগ কৰিছে গোলাঘাটৰ গাম্বাৰু মুছাহাৰীক

নিউজ ডেস্ক: বড়ো-কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ ১৪ জনীয়া এক সমিটি গঠন কৰিছে। ইয়াৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে গোলাঘাটৰ গাম্বাৰু মুছাহাৰীক উপাধ্যক্ষ্য হিচাবে দায়িত্ব দিছে লখিমপুৰৰ সৃজন বসুমতাৰীক।

উল্লেখ্য যে, ২০২০চনৰ ৭ অক্টোবৰত অসম কেবিনেটে বড়ো-কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ বিষয়ে সদৰি কৰিছিল।

এই বড়ো-কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ মুখ্য উদ্দেশ্য হৈছে অসমৰ সকলো জিলাৰে বড়ো সকলৰ কল্যান সাধনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা। বিটিআৰৰ বাহিৰত থকা ধেমাজি, গোলাঘাট, লখিমপুৰৰ লগতে আন আন জিলাত থকা সকলো বড়ো লোকসকলক সন্নিৱিষ্ট কৰিব এই কাউন্সিলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply