গুৱাহাটী– এতিয়াৰে পৰা সহযোগী ভাষা ৰূপে ব্যৱহৃত হ’ব বড়ো ভাষা। মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত এই কথা ঘোষণা কৰে। বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনত অনুমোদন কেবিনেটৰ।
এই বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰী কৰ্মচাৰীৰ সমানে NHMৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা। NHMৰ অধীনৰ সকলো কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত বুলি উল্লেখ কৰে। শিশু-মহিলা কল্যাণ সঞ্চালকালয় আৰু সামাজিক, ন্যায় তথা সৱলীকৰণ সঞ্চালকালয় হিচাপে ৰাজ্যৰ সমাজকল্যাণ বিভাগত দুটাকৈ সঞ্চালকালয় হ’ব।
কোচ ৰাজবংশী, মৰাণ, মটক পৰিষদৰ অন্তৱৰ্তীকালীন পৰিষদ গঠনত অনুমোদন দিয়ে ৰাজ্য় চৰকাৰে। নাবাৰ্ডৰ পৰা ৯১ কোটি টকা ঋণৰ গ্ৰহণৰ বাবে অনুমোদন ।চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত নাথাকিব সমস্যা।মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াভাবে ক্ৰয় কৰিব পাৰিব মাটি। লগতে অসম মালা আঁচনিৰ সকলো পথ সৱলীকৰণ হোৱাৰ বিষয়েও সিদ্ধান্ত লয়।
বৈঠকৰ পিচতেই সংবাদমাধ্যমক বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে জনায় উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।