গুৱাহাটী – আজি গুৱাহাটীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন চমুকৈ UBPOৰ সাত শতাধিক সদস্যই। উল্লেখ্য যে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ বিটিআৰৰ বাহিৰত বসবাস কৰা এই বড়ো সংগঠনৰ লোকসকলে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত UBPO দলৰ সকলো নেতৃত্বই আজি যোগদান কৰে বিজেপিত। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত আজি অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।

বিজেপিক শক্তিশালী কৰি তোলা এই নতুনকৈ যোগদান কৰা সদস্যসকলক দললৈ আদৰণি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আমি সকলো জাতি জনজাতিকে লগত লৈ আগবাঢ়ি যাব লাগিব প্ৰগতিৰ পথেৰে।”

ইফালে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে শেহতীয়াকৈ সংস্কৃতি, পৰিচয়, অস্তিত্ব সংৰক্ষণৰ বাবে কৰা প্ৰয়াসৰ শলাগ লয় আৰু কয়, “আমাৰ চৰকাৰখনৰ এক গুৰুত্বপূৰ্ণ সফলতা হৈছে বড়ো শান্তি চুক্তি স্বাক্ষৰৰ সময়ত বড়ো জনগোষ্ঠীটোৱে একতাৰ অসমখনৰ ওপৰত আস্থা দেখুৱাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply