গুৱাহাটী – এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল সন্দৰ্ভত হীৰেন গোহাঁইৰ মন্তব্য। বদৰুদ্দিন আজমলতকৈ বিজেপি জাতিৰ ডাঙৰ শত্ৰু বুলি মন্তব্য হীৰেন গোহাঁইৰ। বদৰুদ্দিন আজমলৰ তুলনাত বিজেপিৰ পৰাহে অধিক ক্ষতি হৈছে।
বদৰুদ্দিন আজমলৰ কাষত থিয় হৈ বিজেপিক তীব্ৰ আক্ৰমণত হীৰেন গোহাঁইৰ। বদৰুদ্দিন আজমল জাতিৰ শত্ৰু নহয় বুলি মন্তব্য কৰি হীৰেন গোহাঁইয়ে বিজেপিক জাতিৰ শত্ৰু বুলি অভিহিত কৰিলে। বদৰুদ্দিন আজমলক আঞ্চলিক ৰাজনীতিৰ স্বাৰ্থত দেশ আৰু জাতিৰ শত্ৰু সজোৱা হৈছে বুলিও মন্তব্য কৰে হীৰেন গোহাঁইয়ে।
বদৰুদ্দিন আজমলে দেশ আৰু জাতি ধ্বংসৰ ষড়যন্ত্ৰ কৰিব পাৰে বুলি মই অনুভৱ নকৰোঁ বুলি মন্তব্য কৰি হীৰেন গোহাঁইয়ে কয় বিজেপিয়ে “কা” আনিলে, অসমৰ প্ৰকৃতিক সম্পদ সমূহ বিজেপিয়ে বৃহৎ ব্যৱসায়ীৰ হাতত গতাই দিলে। বিজেপিক পৰাস্ত কৰিবলৈ বদৰুদ্দিন আজমলসহ সকলো একত্ৰিত হ’ব লাগিব বুলিও মন্তব্য কৰে।
হীৰেন গোহাঁইয়ে লগতে কয় যে অসমৰ ৰাইজক বুজাব লাগিব যে আমাৰ এটা সন্মিলিত শক্তি আছে। আঞ্চলিক দল সমূহে চিন্তা কৰিব লাগিব যে বদৰুদ্দিন আজমল দেশৰ শত্ৰু নেকি বুলিও মন্তব্য কৰে হীৰেন গোহাঁইয়ে।
সোমবাৰে জু-ৰোড তিনিআলিস্থিত বৃন্দাবন গাৰ্ডেনত আঞ্চলিক দল আঞ্চলিক গণমাৰ্চৰ এক অভিৱৰ্তন অনুষ্ঠিত হয়। অভিৱৰ্তনত উপস্থিত থাকি হীৰেন গোঁহাই য়ে কয় যে, বদৰুদ্দিন আজমলক দেশ বিৰোধী বুলি ভাবিলে নহ’ব।