বনী-শ্ৰীদেবীৰ কন্যা জাহ্নবীয়ে কিনিলে নিজা ঘৰ

নিউজ ডেক্স:- মাত্ৰ দুটা বছৰৰ পেছাদাৰী কেৰিয়াৰতে ৩৯ কোটি টকাৰ গৰাকী হ’ল বলীউডৰ নায়িকা জাহ্নবী কাপুৰ | বলিউদত এবাৰ খোপনি পুতিব পাৰিলে ঐশ্বৰ্য-বিভূতিৰ কোনো দিন অভাৱ নহয়। তাৰ মাজতে যদি সেই তাৰকা গৰাকী কোনো প্ৰতিষ্ঠিত মাক দেউতাকৰ সন্তান হয় | শ্ৰীদেবী আৰু বনী কাপুৰৰ সন্তানেও তেনে এক সুযোগ লৈয়েই প্ৰবেশ কৰিছিল বলীউডত | ২০১৮ বৰ্ষত মুকলি হোৱা প্ৰথমখন ছবি “ধৰক” দ্বাৰা বলিউদত ভুমুকি মৰা জাহ্নবীয়ে প্ৰমান কৰিলে তেও সাফল্যৰ বাৰ্তা |

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰা খবৰ অনুসৰি, ২৩ বছৰীয়া জাহ্নৱী কাপুৰে শেহতীয়াকৈ নিজৰ উপাৰ্জনেৰে কিনিছে এটা ঘৰ। মুম্বাইৰ জুহুত নতুনকৈ ক্ৰয় কৰা এই ঘৰটোৰ মূল্য প্ৰায় ৩৯কোটি।

২০২০ৰ ডিচেম্বৰ মাহৰ ৭ ডিচেম্বৰত এই ঘৰটো কিনাৰ বাবে চুক্তি কৰিছিল জাহ্নৱীয়ে। প্ৰাপ্ত খবৰ অনুসৰি, ৪৪৫৬ বৰ্গফুটৰ এই ঘৰটো তিনিটাকৈ মহলাৰ লগতে আছে বিশাল এখন ফুলনিও। ৬ খনকৈ গাড়ী পাৰ্কিং কৰাৰ ব্যবস্থাও আছে জাহ্নবীৰ নতুন ফ্লেটত | কেৰিয়াৰৰ দুটা বছৰতে দুই এখন চিনেমা কৰিয়েই এই সম্পত্তিৰ অধিকাৰী হ’বলৈ সক্ষম হ’ল বনি কাপুৰ-শ্ৰীদেবীৰ জ্যেষ্ঠ কন্যা জাহ্নবী কাপুৰ |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply