হোজাই – হোজাইৰ নীলবাগানৰ চানাপট্টিত চাঞ্চল্যৰ ঘটনা। বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলা গৰাকীৰ মৃত্যুদেহ। দুয়োখন ভৰি মাটিত লাগি থকা অৱস্থাত উদ্ধাৰ মহিলা গৰাকীৰ মৃত্যুদেহ।
কৰ্মসূত্ৰে স্বামী বিদেশত থকা অৱস্থাত অতি ৰহস্যজনকভাৱে উদ্ধাৰ হয় ফাতিমা বেগম নামৰ ২৬ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ। ৰহস্যজনক অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী আৰু ন্যায়িক দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
সোমবাৰে নিশা ৮ বজাত স্বামী গৃহত উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহ। ডবকাৰ ভগীৰাম গাঁৱৰ পৰা মহিলা গৰাকীক বিবাহ কৰিছিল নীলবাগানৰ চানাপট্টিৰ আলতাব হুছেইন নামৰ যুৱকজনে। স্বামীৰ পৰিয়ালৰ লোকে মহিলা গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পিতৃগৃহৰ লোকৰ। হোজাইৰ বিভিন্ন দল সংগঠনে এয়া এক হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ কৰি উচিত তদন্তৰ দাবী জনাইছে।
মোৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে মহিলা গৰাকীৰ মৃত্যুকলৈ তদন্ত আৰম্ভ কৰিছে। মৃত ফাতিমা বেগম নামৰ মহিলাগৰাকী ডবকাৰ ভগিৰাম গাঁৱৰ ফয়জুল হকৰ কন্যা বুলি জানিব পৰা গৈছে। ফাতিমা বেগমৰ ৰহস্যজনক মৃত্যুৰ পাছতেই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।