বন্যহস্তীৰ বাবে ২০০ বিঘা মাটিত ধান খেতি

নগাঁও- ধাননি পথাৰত জাক-জাক হাতী। মুক্তমনেৰে ধান খাইছে হাতীৰ জাকটোৱে। গৰাকীৰো নাই হকা-বধা। নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী ৰংহাঙত বন্যপ্ৰাণীৰ বাবেই কৰা হৈছে ধানখেতি।

বন্যপ্ৰাণীৰ বাবে খেতি

গুৱাহাটীৰ প্ৰদীপ ভূঞা নামৰ ব্যক্তি গৰাকীৰ তৎপৰতাত চাপানালাৰ বিনোদ দুলু বৰা আৰু মেঘ্না ময়ূৰ হাজৰিকাৰ সহযোগত “হাতী বন্ধু” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে বন্যহস্তীৰ বাবে ২০০ বিঘা মাটিত ধান খেতি আৰু ৪০০ বিঘা মাটিত অন্যান্য খেতি কৰিছিল ।যি খেতি এতিয়া আনন্দ মনেৰে খাইছে বন্যহস্তীয়ে।

ধান খেতিত জাক জাক বন্যহস্তীয়ে দেখি উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাৰ লগতে মেঘ্না ময়ূৰ হাজৰিকা।কাৰণ আগৰ দৰে এতিয়া বন্যহস্তীয়ে কৃষকৰ সোণগুটি নষ্ট কৰা নাই।

ভৈয়ামৰ পথাৰলৈ পূৰ্বৰ দৰে নামি যোৱা নাই বন্যহস্তী,যি কাৰণে মুখত হাঁহি বিৰিঙিছে কৃষক ৰাইজৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply