যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

বিশ্বনাথ – উৰুকাৰ আনন্দৰ মাজতে ৰাজ্যত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ প্রান্তে প্রান্তে বনৰীয়া হাতীৰ তাণ্ডৱৰ লগতে চলিল মানুহৰ ওপৰত বনৰীয়া ম’হৰ আক্ৰমণ। হাতীৰ আক্ৰমণত এজন নিহত হোৱাৰ লগতে বনৰীয়া ম’হৰ আক্ৰমণত নিহত হ’ল এজন।

বিহুৰ দিনাই বিশ্বনাথ চাৰিআলিত অঘটন৷ বিশ্বনাথ চাৰিআলিত হাতী আৰু বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যু হ’ল দুজনকৈ লোক। বিশ্বনাথঘাটৰ মটক গাঁৱৰ জয়ন্ত দাস নামৰ এজন লোক বনৰীয়া ম’হৰ আক্ৰমণত নিহত হয়। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হে আক্ৰমণ কৰে ব্যক্তিজনক।

ঘটনাৰ পিছতে ব্যক্তিজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ব্যক্তিজনক। স্থানীয় ৰাইজে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বন বিভাগৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে বন বিভাগৰ বলেৰ গাড়ী এখনতো অগ্নী সংযোগ কৰে।

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰাৰ লগতে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। ইফালে উৰুকাৰ নিশা চৰাইদেউ জিলাৰ সোণাৰি আৰু নগাঁও জিলাৰ চামগুৰিত বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই লণ্ডভণ্ড কৰিলে বহু লোকৰ বাসগৃহ।

সোণাৰিত দুজন লোকৰ বাসগৃহ বনৰীয়া হাতীৰ জাকে লণ্ডভণ্ড কৰাৰ লগতে চামগুৰিত বনৰীয়া হাতীৰ জাকে ভাঙি পেলায় চাৰিজনকৈ লোকৰ বাসগৃহ। বিশ্বনাথ চাৰিআলিত হাতীৰ আক্ৰমণত নিহত হয় আহমেদ আলী নামৰ এজন মাউত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply