বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

চিৰাং – বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন। চিৰাং জিলাৰ বিজনীৰ ১ নং বিষ্ণুপুৰত হাতী-মানুহৰ সংঘাত। নিশাৰ ভাগত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় ৰতন দাস নামৰ এজন লোক। অঞ্চলটোত পূৰ্বেও বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল বহু লোক।

ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ কেইবাটাও ঘটনা সংঘটিৰ হৈছে। কেতিয়া যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া ম’হ ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে, কেতিয়া আকৌ ওলাই আহিছে গঁড়। বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ পৰা বন্যপ্ৰাণী ওলাই আহি প্ৰায়ে কাষৰীয়া গাঁও সমূহত সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

মাঘ বিহুৰ আনন্দ-উল্লাখৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা বনৰীয়া ম’হ ওলাই আহি বিশ্বনাথত সন্ত্ৰাসৰ সৃষ্টি কৰি দুজনকৈ লোকক আক্ৰমণ কৰি নিহত কৰাৰ মাজতে দুদিন পূৰ্বে কলিয়াবৰত এটা গঁড় ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহি তাণ্ডৱ চলাইছিল। বন বিভাগৰ লোকে গঁড়টোক উদ্যানখনৰ ভিতৰলৈ খেদি পঠিয়াবলৈ সক্ষম হৈছিল যদিও বিশ্বনাথত বনৰীয়া ম’হটোক হত্যা কৰিবলৈ বাধ্য হৈছিল বন বিভাগ।

ইয়াৰ মাজতে নগাঁও জিলাৰ লাওঁখোৱা অভয়াৰণ্য পৰা নিতৌ বনৰীয়া ম’হ আৰু বনৰীয়া গাহৰি জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলাই থকা দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। খাদ্যৰ সন্ধনত বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি মানুহৰ ঘৰ লণ্ডভণ্ড কৰাৰ লগতে ব্যাপক ক্ষতি সাধন কৰিছে খেতি পথাৰ সমূহৰ। কেতিয়া যদি বনৰীয়া হাতীৰ জাকে পথাৰৰ ধান খাই খেতি পথাৰ সমূহ বিনষ্ট কৰিছে, কেতিয়া আকৌ তহিলং কৰিছে ভঁৰালৰ ধান খাই।

উজনি-নামনিৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাত চলি থকাৰ মাজতে দেওবাৰে নিশা চিৰাং জিলাৰ বিজনীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক। ১ নং বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা ৰতন দাস নামৰ এজন লোক সন্ধিয়া প্ৰায় ৭ বজাত বিষ্ণুপুৰ বজাৰৰ পৰা ঘৰলৈ উভতি থকা অৱস্থাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণৰ নিহত হয় ৰতন দাস। উল্লেখ্য যে অঞ্চলটোত হাতী আৰু মানুহৰ সংঘাতত পূৰ্বেও বহু কেইজন লোকৰ মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply