ৰঙাপৰা – বনৰীয়া হাতীৰ জাক চাবলৈ ৰাইজৰ ভিৰ। নদীৰ পাৰত বাহৰ পাতিছে বনৰীয়া হাতীৰ জাকে। চাহ বাগিচাৰ মাজেৰে বৈ যোৱা নদীৰ পাৰত জন্ম হৈছে এটা হাতীৰ পোৱালি।

শোণিতপুৰ জিলাৰ চাহ বাগিচা সমূহত বনৰীয়া হাতীৰ মুক্ত বিচৰণ নতুন কথা নহয়। জিলাখনৰ চাহ বাগিচা সমূত বসবাস কৰা লোক সকল বনৰীয়া হাতীৰ লগত বসবাস কৰাৰ অভ্যস্ত যদিও এইবাৰ বনৰীয়া হাতীৰ জাক চাবলৈ মইনাজুলি আৰু ঘইৰালী চাহ বাগিচাৰ ৰাইজে ভিৰ কৰিছে নদীৰ পাৰত।

শোনিতপুৰ জিলাৰ ৰঙাপৰাৰ মইনাজুলি আৰু ঘইৰালী চাহ বাগিচাৰ মাজত থকা নদীৰ পাৰত বুধবাৰ নিশাৰ পৰাই বনৰীয়া হাতীৰ জাকে বাহৰ পাতিছে। নদীৰ পাৰতে এটি কণমানি হাতী পোৱালি জন্ম লাভ কৰিছে বুলি জনিব পৰা গৈছে। বনৰীয়া হাতীৰ জাকটো চাবলৈ একাংশ লোকৰ ভীৰ হোৱা পৰিলক্ষিত হৈছে।

হাতীৰ জাকে নদীৰ পাৰত বুধবাৰে নিশাৰে পৰা বাহৰ পাতিছে যদিও বৰ্তমানলৈকে বন বিভাগৰ দল অঞ্চলটোত উপস্থিত হোৱা নাই। স্থানীয় লোকে বন বিভাগক বনৰীয়া হাতীৰ জাকটো খেদি পঠিওৱাৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply