ধুবুৰী – ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য। বনৰৌসহ আটক কৰিলে দুজনক। আৰক্ষীয়ে গ্ৰাহকৰ ৰূপ ধাৰণ কৰি সৰবৰাহকাৰী দুজনৰ পৰা বনৰৌটো উদ্ধাৰ কৰে। বনৰৌটো সৰবৰাহকাৰী দুজনে পশ্চিম বংগত বিক্ৰীৰ বাবে যোগাযোগ চলাই থকা বুলি জানিব পৰা গৈছে।
শুকুৰবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গোলকগঞ্জৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেলতলীৰ পৰা এটা বনৰৌ উদ্ধাৰ কৰাৰ লগতে বনৰৌ সৰবৰাহ কৰাৰ অপৰাধত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজন হৈছে হাসেন খান আৰু পাছান আলী। বনৰৌ সৰবৰাহকাৰী দুজনৰ ঘৰ ধুবুৰী জিলাৰ মাজেৰ চৰ আৰু ফলিমাৰীত বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে গ্ৰাহকৰ ৰূপ ধাৰণ কৰি সৰবৰাহকাৰী দুজনৰ পৰা বনৰৌটো উদ্ধাৰ কৰে। অভিনৱ পদ্ধতিৰে আৰক্ষীয়ে বনৰৌটো উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰী দুজনক হাতে-লোটে আটক কৰিৱলৈ সক্ষম হয়৷ দহ কিলোগ্ৰাম ওজনৰ এই বনৰৌটো সৰবৰাহকাৰী দুজনে পশ্চিম বংগত বিক্ৰীৰ বাবে যোগাযোগ চলাই থকা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে চিৰাং জিলাত বন বিভাগে অভিযান চলাই এটা দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল চাৰিজনকৈ লোকক। দুষ্প্ৰাপ্য বনৰৌ বিক্ৰীৰ বাবে মেঘালয়ৰ পৰা চিৰাং হৈ কোকৰাঝাৰ লৈ নিয়াৰ পথত বন বিভাগে বনৰৌটো উদ্ধাৰ কৰি সৰবৰাহকাৰী চাৰিজনক আটক কৰিছিল।