চতিয়া – বন কর্মীৰ গুলীত আহত ইটাভাটাৰ কৰ্মচাৰী। গঁড় খেদিবলৈ যোৱা বন কৰ্মীৰ গুলীত আহত হৈছে ইটাভাটাৰ কৰ্মচাৰী। বন কৰ্মীৰ গুলীত গুৰুত্বৰভাৱে ইটাভাটাৰ কৰ্মচাৰী আহত হোৱা ঘটনাকলৈ তীব্ৰ চাঞ্চল্য চতিয়াত।
বিশ্বনাথ জিলাৰ চতিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বন বিভাগৰ কৰ্মীৰ গুলীত আহত হ’ব লগীয়া হৈছে এজন ইটাভাটাৰ কৰ্মচাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ক খেদি পঠিয়াবলৈ বন কৰ্মীয়ে গুলী চালনা কৰাত বন কৰ্মীৰ বন্দুকৰ গুলী লাগে ইটাভাটাৰ কৰ্মচাৰীজনক।
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ে বিগত তিনি দিন ধৰি মুক্ত বিচৰণ কৰি আছে বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত। বিগত তিনি দিন ধৰি গঁড়টোৱে চতিয়াৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই ৰাইজক আতংকিত কৰি ৰাখিছে। সোমবাৰে টৌভঙাৰ বামুনীপামত আশ্ৰয় লৈ থকা গঁড়টোক খেদি পঠাবলৈ বন বিভাগৰ লোকে অভিযান চলায়।
গঁড়টোক খেদি পঠিয়াবলৈ বন কৰ্মীয়ে গুলী চালনা কৰাত গুলী লক্ষ্যভ্ৰস্ত হৈ এজন ইটাভাটাত কৰ্মচাৰীক লাগে। ঋিষি শিবাই নামৰ ইটাভাটাৰ কৰ্মচাৰীজনৰ হাতত বন বিভাগৰ বন্দুকৰ গুলী লগত ইটাভাটাৰ কৰ্মচাৰীজনৰ গুৰুত্বৰভাৱে আহত হয়। বন বিভাগৰ বন্দুকৰ গুলীত আহত হোৱা ইটাভাটাৰ কৰ্মচাৰীজনক ততাতৈয়াকৈ উত্তৰ জামুগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে আহত ইটাভাটাৰ কৰ্মচাৰীজনক তেজপুৰলৈ প্ৰেৰণ কৰে।
ইফালে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোৱে চতিয়াৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই দেওবাৰে নিশা টোভঙাৰ বামুনীপামত আশ্ৰয় লয়। বৰ্তমানেও বন বিভাগৰ লোকে হাতীৰ সহায়ত গঁড়টোক খেদি পঠিয়াবলৈ অভিযান চলাই আছে যদিও গঁড়টোক টেংকুলাইজ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ।