বন বিভাগৰ অভিযানত উদ্ধাৰ পৰিভ্ৰমী চৰাই

ৰূপহীহাট – ৰূপহীহাটৰ জুৰীয়াত বন বিভাগে অভিযান চলাই উদ্ধাৰ কৰে পৰিভ্ৰমী চৰাই। চোৰাং চৰাই চিকাৰীৰ জালত আৱদ্ধ হৈ আছিল পৰিভ্ৰমী চৰাই। পৰিভ্রমী চৰাই চিকাৰৰ বাবে জুৰীয়াত একাংশ চোৰাং চৰাই চিকাৰী সক্ৰিয় হৈ উঠিছে।

শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ জলাশয় সমূহত আশ্ৰয় গ্ৰহণ কৰে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই। ৰাজ্যৰ অন্যান্য ঠাই সমূহৰ লগতে নগাঁও জিলাৰ লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত থকা জলাশয় সমূহত দেখিবলৈ পোৱা জাকে জাকে পৰিভ্ৰমী চৰাই। ইয়াৰ মাজতে এই পৰিভ্ৰমী চৰাই সমূহ বিভিন্ন সময়ত লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ কাষৰীয়া গাঁও সমূহৰ পথাৰত প্ৰৱেশ কৰিলে এই চৰাই সমূহ চোৰাং চিকাৰীৰ জালত পৰে।

শীতৰ এই সময়ছোৱাত এফালে চোৰাং চৰাই চিকাৰী সকলক সক্ৰিয় হৈ পৰাৰ বিপৰীতে চোৰাং চিকাৰীৰ কবলৰ পৰা চৰাই সমূহক ৰক্ষা কৰাৰ বাবে চিকাৰী সকলৰ বিৰুদ্ধে বন বিভাগেও তীব্ৰ কৰি তোলে অভিযান। বিগত কিছুদিন ধৰি বন বিভাগে চোৰাং চৰাই চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিছে শতাধিক চৰাই।

বুধবাৰে জুৰীয়াৰ থানাৰ অন্তৰ্গত লালুং গাঁৱত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বন বিভাগে তিনিটা চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বন বিভাগে লালুং গাঁৱৰ পথাৰত চিকাৰীৰ জালত আৱদ্ধ হৈ থকা অৱস্থাত চৰাই কেইটাক প্ৰত্যক্ষ কৰে। পৰৱৰ্তী সময়ত চৰাই কেইটাক উদ্ধাৰ কৰি লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত চৰাই কেইটাক বন বিভাগে মুকলি কৰি দিয়ে।

চোৰাং চৰাই চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই বন বিভাগে চৰাই তিনিটা উদ্ধাৰ কৰাৰ লগতে চৰাই মৰা যন্ত্ৰ, টেপৰ ৰেকৰ্ডাৰ আৰু অন্যান্য চিকাৰ কৰা সা-সজুলি জব্দ কৰে যদিও চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম নহয় বন বিভাগ। বন বিভাগে জানিবলৈ দিয়ে যে বিগত এমাহত জুৰীয়াৰ বিভিন্ন গাঁৱত অভিযান চলাই চোৰাং চিকাৰীৰ কৱলৰ পৰা শতাধীক চৰাই উদ্ধাৰ কৰাৰ লগতে বহুতো চৰাই মৰা সা-সজুলি জব্দ কৰিছে বন বিভাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply