বিশ্বনাথ – বন বিভাগৰ কার্যলায়ত অগ্নি সংযোগ কৰাৰ অভিযোগত এজন গ্ৰেপ্তাৰ। বিশ্বনাথত বনবিভাগৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে বন বিভাগৰ সামগ্ৰী ধ্বংসৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ। বন বিভাগৰ সামগ্ৰী ধ্বংসৰ লগত জড়িত থকা অভিযুক্ত জনৰ গ্ৰেপ্তাৰকলৈ বিশ্বনাথ ঘাটত তীব্ৰ প্ৰতিক্ৰিয়া।
ভোগালী বিহুৰ দিনা বিশ্বনাথত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হৰ আক্ৰমণত নিহত হৈছিল দুজনকৈ লোক। কাজিৰঙাৰ পৰা ওলাই অহা ম’হটোৱে দুদিন ধৰি বিশ্বনাথত সন্ত্ৰাসৰ চলাই দুজনকৈ লোকক হত্যা কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছিল স্থানীয় লোক। বন বিভাগৰ ব্যৰ্থতাৰ বাবে বনৰীয়া ম’হে দুজনকৈ লোকক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভিত ৰাইজে আক্ৰমণ চলায় বন বিভাগৰ কাৰ্যালয়ত।
উত্তেজিত ৰাইজে বিশ্বনাথ ঘাটৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ কেন্দ্ৰীয় বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আক্ৰমণ চলাই বন বিভাগৰ কার্যলায় লণ্ডভণ্ড কৰি এখন বলেৰ গাড়ীৰ লগতে বন বিভাগৰ কাৰ্যালয়টোৰ কেইবাটাও গৃহত অগ্নি সংযোগ কৰিছিল। ইয়াৰ পিছতে ঘটনা সংক্ৰান্তত বিশ্বনাথ চাৰিআলি থানাত ৰুজু কৰা হৈছিল এক গোচৰ।
ভাৰতীয় দণ্ডবিধি ১৪৪/১৪৭/৪৪৭/৪৪৮/৪২৭/৩৯২ আৰু ডব্লিউ চেকচন ৩/৪ (ৰাজহুৱা সম্পত্তি ধ্বংস)ৰ অপৰাধত ১৬/২০২১ গোচৰৰ ভিত্তিত আৰক্ষীয়ে বিশ্বজিৎ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি বিশ্বনাথ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। আদালতে বিশ্বজিৎ দাসক সাত দিনৰ বাবে বিশ্বনাথ চাৰিআলি আৰক্ষী জিম্মালৈ প্ৰেৰন কৰিছে।
সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে বন বিভাগৰ কাৰ্যালয় ধ্বংসৰ ঘটনাৰ লগত জড়িত অন্য অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে। আনহাতে আৰক্ষীয়ে বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ কৰাত সমগ্ৰ বিশ্বনাথ ঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।